ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক তথা জনপ্ৰিয় ক্ৰিকেটাৰ মাইকেল ভনে ২০০৯ চনত য়ৰ্কশায়াৰৰ এখন খেলৰ আগতে বৰ্ণবাদী মন্তব্য কৰাৰ বাবে সমগ্ৰ বিশ্বজুৰি সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিবিচিৰ কমেণ্টেটৰৰ ভূমিকাৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছে।
বিবিচিৰ আভ্যন্তৰীণ বৈচিত্ৰ্য গোটে ( in-house diversity group) হেডিংলিত নিউজিলেণ্ডৰ বিৰুদ্ধে তৃতীয় টেষ্টৰ বাবে ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক মাইকেল ভনক ভাষ্যকাৰ হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্তৰ বাবে সম্প্ৰচাৰক সমালোচনা কৰিছিল। আনহাতে এক প্ৰতিবেদন অনুসৰি, বিবিচি স্পোৰ্টৰ ব্লেক, এছিয়ান আৰু সংখ্যালঘু জাতিগোষ্ঠীয়ে কৰ্মচাৰীসকললৈ এটা ইমেইলপ্ৰেৰণ কৰি ইয়াক “সম্পূৰ্ণৰূপে অযোগ্য” বুলি অভিহিত কৰিছিল ।
উল্লেখযোগ্য যে প্ৰাক্তন খেলুৱৈ আজিম ৰফিকে কৰা বৰ্ণবাদৰ অভিযোগত অভিযুক্ত হোৱা ভনে ৰেডিঅ’ ৫ ত তৃতীয় টেষ্টৰ বাবে লাইভ কমেণ্ট্ৰী কৰি আছিল।
পাকিস্তানী বংশোদ্ভূত ইংলেণ্ডৰ ১৯-অনুৰ্ধ দলৰ প্ৰাক্তন অধিনায়ক ৰফিকে তেওঁ ক্লাবটোত প্ৰতিষ্ঠানগত বৰ্ণবাদৰ ভুক্তভোগী হৈছিল বুলি যোৱা বছৰ অভিযোগ কৰিছিল । উক্ত অভিযোগটোৱে ইংলেণ্ডৰ ক্ৰিকেটক ইয়াৰ শিপালৈকে জোকাৰি গৈছিল আৰু য়ৰ্কশায়াৰত প্ৰশিক্ষণ আৰু প্ৰশাসনিক কৰ্মচাৰীৰ মাজতো বহুতো পৰিৱৰ্তন আনিছিল।
উল্লেখযোগ্য যে বৰ্ণবাদী মন্তব্যৰে অভিযুক্ত হোৱাৰ পিছত ভনক বিগত বৰ্ষৰ নৱেম্বৰত ‘এছেজ’ (Ashes)ৰ কভাৰেজৰ পৰাও বাদ দিয়া হৈছিল।