ভাৰতৰ দ্বাৰা আৰৱত অনুষ্ঠিত হোৱা টি ২০ বিশ্বকাপত দ্বিতীয়দিনাও ভাৰত অতি শোচনীয় ভাবে পৰাজয় বৰণ কৰে। প্ৰথমখন খেলত পাকিস্তানৰ হাতত পৰাস্ত হোৱাৰ পিছত কালি পুনৰ নিউজিলেণ্ডৰ হাতত ধাৰাশায়ী হয়।
৮ উইকেটত নিউজিলেণ্ডৰ হাতত পৰাস্ত অতি শোচনীয়ভাৱে পৰাস্ত হোৱা ভাৰত শৃংখলাৰ পৰা বাহিৰলৈ যোৱাৰ আশা প্ৰকট হৈ পৰিছে।
পাকিস্তানৰ সৈতে পৰাজয় বৰণ কৰাৰ পিছতেই ভাৰতত পৰিৱেশ কিছু উত্তপ্ত হৈ পৰিছিল। ভাৰতীয় বলাৰ মহম্মদ ছামীৰ বিৰুদ্ধে একাংশ লোকে প্ৰতিবাদ সাৰ্বস্ত কৰিছিল। আনকি একাংশ লোকে ভাৰত এৰি পাকিস্তানলৈ যাবগৈ লাগে বুলি তীব্ৰ ভাষাৰে আক্ৰমণ কৰিছিল।
বিৰাট কোহলীৰ অধিনায়কত্ব অনুষ্ঠিত হোৱা খেলখনত খেলুৱৈজনক অসফল অধিনায়ক বুলি ক্ৰিকেট অনুৰাগী সকলে তীব্ৰ ভাষাৰে সমালোচনা কৰিছে। আনকি মহেন্দ্ৰ সিং ধোনীৰ অভাৱ অনুভৱ কৰি একাংশ লোকে ধোনীৰ অধিনায়কত্বৰ প্ৰশংসাৰে সামাজিক মাধ্যম উপচাই পেলাইছে।
ঘৰুৱা দলটোৰ শোচনীয় পৰাজয়ে দেশবাসীক কিছু পৰিমাণে আহত কৰিছে।