আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ল’লে ৱাহাব ৰিয়াজে। পাকিস্তানৰ বলাৰগৰাকীয়ে বুধবাৰে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি নিজৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে। অৱশ্যে সমগ্ৰ বিশ্বতে তেওঁ ফ্ৰেঞ্চাইজি ক্ৰিকেট খেলি থাকিব। ৩৮ বছৰ বয়সত ৰিয়াজে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে ৷ বিশ্বকাপৰ ঠিক আগতেই তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
পাকিস্তানৰ হৈ ২৭খন টেষ্ট, ৯১খন এদিনীয়া আৰু ৩৬খন টি-২০ মেচ খেলিছিল তেওঁ । তেওঁ মুঠতে ২৩৭টা উইকেট দখল কৰে। অৱশ্যে শেহতীয়াকৈ তেওঁক ৰাষ্ট্ৰীয় দলত স্থান দিয়া হোৱা নাছিল। শেষবাৰৰ বাবে ২০২০ চনৰ ডিচেম্বৰ মাহত পাকিস্তানৰ হৈ খেলিছিল তেওঁ । পাকিস্তান ছুপাৰ লীগত নিয়মীয়াকৈ খেলা দেখা গৈছিল ৰিয়াজক ৷
বুধবাৰে তেওঁ টুইটাৰত লিখিছে, ‘আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছো । যোৱা দুবছৰ ধৰি অৱসৰৰ পৰিকল্পনা কৰি আছিলো। ২০২৩ – আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছিলো। দেশৰ সেৱা কৰি গৌৰৱ অনুভৱ কৰিছো আৰু জাতীয় দলৰ বাবে সদায় নিজৰ সর্বোচ্চ উজাৰি দিছো। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পাকিস্তানৰ হৈ খেলাটো মোৰ বাবে গৌৰৱৰ বিষয়।’
ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ কথা সোঁৱৰাই ৰিয়াজে লিখিছে,-“ জীৱনৰ এই অধ্যায়ৰ পিছত ফ্ৰেঞ্চাইজি ক্ৰিকেটত মোৰ যাত্ৰা নতুনকৈ আৰম্ভ কৰিব বিচাৰিছো। অনুৰাগীসকলকো একেদৰেই মনোৰঞ্জন দিবলৈ আৰু বিশ্বৰ শ্ৰেষ্ঠ ক্ৰিকেট প্ৰতিভাৰ বিৰুদ্ধে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব পাৰিম বুলি আশা কৰিলোঁ।’
ৰিয়াজে নিয়মিতভাৱে কেৰিয়াৰৰ শ্ৰেষ্ঠত ঘণ্টাত ১৪০ কিলোমিটাৰৰ ওপৰত বলিং কৰে। ২০১৫ চনৰ বিশ্বকাপৰ খেলখনত ভাৰতৰ বিৰুদ্ধে তেওঁৰ বলৰ গতি আছিল ১৫৪.৫ কিলোমিটাৰ। সেই বিশ্বকাপত ৰিয়াজে নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াইছিল। বাকী শক্তিশালী বলাৰসকল এজন এজনকৈ ওপৰলৈ অহাৰ লগে লগে তেওঁ ক্ৰমান্বয়ে দলৰ স্থান হেৰুৱাই পেলালে।