সন্মুখৰ পৰা ভাৰতীয় ক্ৰিকেট দলটোক নেতৃত্ব দি আছে ৰোহিত শৰ্মাই। ১৭৭ ৰানত অষ্ট্ৰেলিয়াক আউট কৰাৰ পাছত ভাৰতক এটা বৃহৎ লক্ষ্য বান্ধি দিয়াৰ প্ৰয়োজন হৈছিল। ইয়াৰ দায়িত্ব কান্ধ পাতি ল’লে ৰোহিত শর্মাই । তেওঁ শতক অর্জন কৰিলে ৷ ডেৰ বছৰৰ পাছত টেষ্ট ক্ৰিকেটত ৰোহিত শর্মাই শতক অর্জন কৰিবলৈ সক্ষম হৈছে । কে এল ৰাহুল, চেতেশ্বৰ পূজাৰা, বিৰাট কোহলী ব্যৰ্থ হ’লেও ৰোহিতে নিজৰ লক্ষ্যত অৱতীর্ন হৈছে ৷
১৭১টা বলত শতক অৰ্জন কৰে ৰোহিতে। ভাৰতৰ আৰম্ভণিৰ বেটছমেনসকল ব্যৰ্থ হোৱা দিনটোত ৰোহিতে অধিনায়কত্বৰ ইনিংছ খেলিছিল। তেওঁ অষ্ট্ৰেলিয়াৰ বলাৰসকলৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে ৷ৰোহিতে ১৪টা চাৰি আৰু দুটা ছয় মাৰি শতক অর্জন কৰে ৷টেষ্ট ক্ৰিকেটত এয়া তেওঁৰ নৱম শতক। টেষ্টত অ’পেনাৰ হিচাপে খেলিবলৈ আৰম্ভ কৰাৰ পিছৰে পৰা ৰোহিতৰ খেলৰ ধৰণ সলনি হৈছে। অধিনায়ক হোৱাৰ পিছত এয়া তেওঁৰ প্ৰথম শতক।
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শতক অৰ্জন কৰাৰ পিছত ৰোহিতৰ মুখত সকাহৰ হাঁহি এটা দেখা গৈছে। তেওঁ জানে এই শতকটো কিমান গুৰুত্বপূৰ্ণ। দলটোক অগ্ৰগতি দিবলৈ যেনেকৈ ৰানৰ প্ৰয়োজন হৈছিল, তেনেকৈয়ে তেওঁৰ ছন্দৰ অভাৱৰ কথাও চৰ্চা হৈছিল।