টি২০ ক্ৰিকেটৰ পৰা বিৰাট কোহলীয়ে অধিনায়কত্ব ত্যাগ কৰাৰ পিছত ক্ৰিকেটাৰ ৰোহিত শৰ্মাক টি২০ পুৰুষ ক্ৰিকেট দলৰ অধিনায়ক হিচাপে ঘোষণা কৰা হয়।
প্ৰাক্তন অধিনায়ক কপিল দেৱে ৰোহিত শৰ্মাক দায়িত্ব পালন কৰিবলৈ সকিয়াই দিয়ে। আই পি এল দলৰ অধিনায়কত্ব আৰু ভাৰতীয় মুখ্য ক্ৰিকেট দলৰ অধিনায়কত্বৰ মাজত পাৰ্থক্য আছে বুলি উল্লেখ কৰে।
উল্লেখযোগ্য যে ৰোহিত শৰ্মাই মুম্বাই ইণ্ডিয়ানছ আই পি এল দলৰ অধিনায়ক হিচাপে কেইবাবছৰৰ পৰা দায়িত্বত আছে। পূৰ্বৰ অভিজ্ঞতাসমূহে নতুন দায়িত্ব পালনত নিশ্চিতভাৱে সহায় কৰিব। ভাৰতৰ ক্ৰিকেট অনুৰাগীসকলৰ ৰোহিত শৰ্মাৰ নেতৃত্বৰ ওপৰত আশাবাদী।
অহা ১৭ নৱেম্বৰৰ পৰা ভাৰত আৰু নিউজিলেণ্ডৰ টি২০ শৃংখলা নিউজিলেণ্ডত অনুষ্ঠিত হ’ব। কিন্তু ৰোহিত শৰ্মাই তেওঁৰ অধিনায়কত্বত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন খেলত অংশগ্ৰহণ নকৰে বুলি জানিব পৰা গৈছে।
ৰোহিত শৰ্মাক পৰিৱৰ্তে আজিংক ৰাহানে ভাৰত- নিউজিলেণ্ড টি২০ শৃংখলাৰ অধিনায়কৰ দায়িত্ব পালন কৰিব বুলি জানিব পৰা গৈছে।