ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলিবলগীয়া আগন্তুক পাঁচখন মেচৰ টি-২০ শৃংখলাৰ পূৰ্বে টিম ইণ্ডিয়াত অন্তৰ্ভুক্ত কৰা হৈছে সঞ্জু চেমছনক। ২৯ জুলাই শুকুৰবাৰৰ পৰা ট্ৰিনিদাদত আৰম্ভ হ’ব এই শৃংখলা ৷ কে এল ৰাহুলৰ ঠাইত সঞ্জু চেমছনক স্থান দিয়া হৈছে। কেৰেলাৰ তাৰকাগৰাকী ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে সদ্য সমাপ্ত এদিনীয়া শৃংখলাতো দলটোৰ সদস্য আছিল যদিও টি-২০ দলত তেওঁক অন্তৰ্ভুক্ত কৰা হোৱা নাছিল।
আনহাতে, কে এল ৰাহুলক টি-২০ দলৰ বাবে নিৰ্বাচিত কৰা হৈছিল যদিও তেওঁৰ ফিটনেছৰ ওপৰত খেলত অংশগ্ৰহণ কৰিব পাৰিব নে নোৱাৰে সেয়া নিৰ্ভৰশীল আছিল। আই পি এল সমাপ্ত হোৱাৰ পাছৰে পৰা ৰাহুল খেলপথাৰৰ পৰা আঁতৰি আছে ৷ আই পি এল শেষ হোৱাৰ পিছত তেওঁ এক অস্ত্ৰোপচাৰৰ বাবে জাৰ্মানীলৈ যাত্ৰা কৰে। অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পিছত তেওঁ বেংগালুৰুৰ নেচনেল ক্ৰিকেট একাডেমীলৈ ওভতি আহি অনুশীলন আৰম্ভ কৰে ৷ কিছুদিন পূর্বে তেওঁ ক’ভিডতো আক্ৰান্ত হৈছিল ৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে উদ্বোধনী টি-২০মেচৰ বাবে চেমছনক দলৰ ৰষ্টাৰত অন্তৰ্ভুক্ত কৰা হৈছিল যদিও বিচিচিআইয়ে এতিয়াও নিৰ্বাচন আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই।চেমচনক খেলিবলৈ সুযোগ দিয়া হ’ব বুলি আশা কৰা হৈছে
ভাৰতীয় টি ২০ দল:
ৰোহিত শৰ্মা (অধিনায়ক), ঈশান কিষাণ, সঞ্জু চেমছন, সূৰ্যকুমাৰ যাদৱ, দীপক হুডা, শ্ৰেয়াস আয়াৰ, দীনেশ কাৰ্তিক, ঋষভ পন্ত, হাৰ্দিক পাণ্ড্য, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, আৰ আশ্বিন, ৰবি বিষ্ণয়, কুলদীপ যাদৱ, ভুৱনেশ্বৰ কুমাৰ, আৱেশ খান, হৰ্ষল পেটেল, আর্ছদীপ সিং।