অলপতে দিল্লী উচ্চ ন্যায়ালয়ে ভাৰতীয় বক্সিং ফেডাৰেশ্যনলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰী কৰিছে। ভাৰতীয় মহিলা বক্সাৰ অৰুন্ধতী চৌধুৰীৰ অভিযোগ অনুসৰি এই জাননী প্ৰেৰণ কৰে।
টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা অসম কন্যা লাভলীনা বৰগোহাঁইক কোনো ধৰণৰ প্ৰতিদ্বন্দিতা নকৰাকৈ পোনপটীয়াকৈ বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত ভাগ ল’বলৈ বাচনি কৰে। আনহাতে পূৰ্বৰ বিশ্ব মহিলা বক্সিঙত স্বৰ্ণ জয় কৰা অৰুন্ধতী চৌধুৰী বাচনিৰ তালিকাৰ পৰা বঞ্চিত হয়।
৭০ কেজি শাখাৰ খেলৰ বাবে নিৰ্বাচন কৰা লাভলীনা বৰগোহাঁইৰ সৈতে এখন খেলৰ আহ্বান কৰে। কিন্তু বিভাগীয় কৰ্তৃপক্ষই এই আবেদন নাকচ কৰে। ফলত বক্সাৰ গৰাকী ন্যায়ালয়ৰ দাৰস্থ হয়।
দিল্লী উচ্চ ন্যায়ালয়ে ভাৰতীয় বক্সিং ফেডাৰেচনক কাৰণ দৰ্শোৱাৰ জাননী দিছে। এই জাননীৰ ভিত্তিতে ন্যায়ালয় সিদ্ধান্তত উপনীত হ’ব। অসম কন্যা লাভলীনা বৰগোহাঁই অনাগত খেলখনত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিবনে নাই এই লৈ অসমবাসীৰ মনত উৎকণ্ঠা বাঢ়িছে।