আজি দিল্লী কেপিটেলছে ব্ৰেবোৰ্ণ ষ্টেডিয়ামত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সৈতে খেলিবলৈ সাজু হৈছে আই পি এল ২০২২ ৰ ৫০তম মেচ । কেন উইলিয়ামছনৰ নেতৃত্বত দলটোৱে তেওঁলোকৰ আগৰ খেলখনত চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে পৰাজয়ৰ মুখামুখি হৈছিল । আই পি এল ২০২২ৰ ৯ খন খেলৰ পাঁচখনত জয়লাভ কৰি ছানৰাইজাৰ্ছ হায়দৰাবাদ বৰ্তমান ১০ পইণ্টৰ সৈতে তালিকাৰ চতুৰ্থ স্থানত আছে।
আনহাতে, দিল্লী কেপিটেলছে লক্ষ্ণৌ চুপাৰ জায়াণ্টছৰ বিৰুদ্ধে খেলত পৰাজিত হয় আৰু তেওঁলোকে বৰ্তমান ৯খন খেলৰ চাৰিখনত জয়লাভ কৰি তালিকাৰ সপ্তম স্থানত আছে।
ব্ৰেবোৰ্ণ ষ্টেডিয়ামত আগৰ খেলখনত দেখা গৈছিল যে ই নিশ্চিতভাৱে বেটিং কৰিবলৈ এটা ভাল পিটছ।
আজিৰ ডিচি বনাম এছআৰএইচৰ সম্ভাৱ্য খেলুৱৈসকল হ’ল-
দিল্লী কেপিটেলছ-
পৃথ্বী শ্ব, ডেভিদ ৱাৰ্ণাৰ, মিচেল মাৰ্শ, ঋষভ পন্ত (গ আৰু ৱিকে), ললিত যাদৱ, ৰোভমেন পাৱেল, অক্সাৰ পেটেল, শাৰ্দুল ঠাকুৰ, কুলদীপ যাদৱ, মুস্তাফিজুৰ ৰহমান, চেতন চাক্ৰিয়া ৷
আনহাতে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ খেলুৱৈ সকল হ’ল –
অভিষেক শৰ্মা, কেন উইলিয়ামচন (গ), ৰাহুল ত্ৰিপাঠী, এডেন মাৰ্ক্ৰাম, নিকোলাছ পুৰাণ (ৱিকে), শশাংক সিং, জগদীশা সুচিথ, মাৰ্কো জানচেন, ভুৱনেশ্বৰ কুমাৰ, উমৰণ মালিক, টি নটৰাজন ৷
এতিয়া সময়েহে জানিব কোন জয়ী হ’ব আই পি এল ২০২২ৰ ৫০তম মেচ খনত ৷