প্ৰতিবাদী কৃষকক বাধা দিবলৈ দিল্লী আৰু গাজিয়াবাদ সংযোগী পথত স্থাপন কৰা বেৰিকেড আঁতৰাবলৈ আৰম্ভ কৰিছে দিল্লী আৰক্ষীয়ে।দিল্লী-মীৰাট এক্সপ্ৰেছ পথত স্থাপন কৰা বেৰিকেড আঁতৰাবলৈ শুকুৰবাৰে শ্ৰমিক আৰু ক্ৰেন প্ৰেৰণ কৰিছে। ইয়াৰ লগে লগে প্ৰায় 11 মাহৰ পিছত এই পথছোৱা পুনৰ মুকলি হোৱাৰ সম্ভাৱনাই দেখা দিছে।
অৱশ্যে বেৰিকেড আঁতৰাই নিলেও উক্ত স্থানত প্ৰতিবাদ অব্যাহত থাকিব বুলি প্ৰকাশ কৰিছে প্ৰতিবাদী কৃষকসকলে। কৃষক নেতা ৰাজেশ টিকেইতে প্ৰকাশ কৰা অনুসৰি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আৰক্ষীয়ে বেৰিকেড আতঁৰাইছে। প্ৰতিবাদকাৰীয়ে নহয় ,আৰক্ষীয়েহে পথ বন্ধ কৰি ৰাখিছে বুলি ন্যায়ালয়ক তেওঁলোকে অৱগত কৰিছে বুলিও কৃষক নেতাজনে সদৰি কৰে।
ইপিনে, দিল্লীৰ আৰক্ষী আযুক্ত ৰাকেশ আস্থানাই প্ৰকাশ কৰা অনুসৰি হাৰিয়ানা আৰু উত্তৰ প্ৰদেশ আৰক্ষীৰ সৈতে কৃষক নেতাসকলৰ হোৱা আলোচনাৰ পিছত এক ইতিবাচক বাৰ্তা প্ৰেৰণৰ উদ্দেশ্যৰে গাজীপুৰ আৰু তিক্রি সীমান্তৰ পৰা বেৰিকেড আঁতৰাবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আস্থানাই কয় ” সীমান্ত কেতিয়াও চিৰদিনৰ বাবে বন্ধ হৈ থাকিব নোৱাৰে। বিভিন্ন কৃষক সংগঠন আৰু নেতাৰ সৈতে আমি আলোচনা অব্যাহত ৰাখিছোঁ। সমান্তৰালভাৱে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়েও আলোচনা অব্যাহত ৰাখিছে। এক ইতিবাচক পদক্ষেপ হিচাপে বৰ্তমান বেৰিকেড আঁতৰ কৰাৰ পদক্ষেপ লোৱা হৈছে। আশা কৰা হৈছে অতি শীঘ্ৰে এই অঞ্চলটোলৈ স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিব।”
বিতৰ্কিত কৃষি আইন বাতিল কৰাৰ দাবীত কেইবামাহ ধৰি কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। প্ৰতিবাদী কৃষকসকলে দিল্লী সীমান্তত বাহৰ পাতি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। একাধিকবাৰ প্ৰতিবাদী কৃষক সকলে দিল্লীত প্ৰবেশৰ চেষ্টা কৰিছে। যাৰ বাবে গাজীপুৰকে ধৰি সীমান্তৱৰ্তী অঞ্চলসমূহত বেৰিকেড স্থাপন কৰে দিল্লী আৰক্ষীয়ে।