পঞ্জাৱত পুনৰ আৰক্ষীৰ সন্মুখৰ পৰা পলায়ন কৰে খালিস্তানী নেতা অমৃতপাল সিং আৰু তেওঁৰ সংগী পাপলপ্ৰীতে। মঙলবাৰে সন্ধিয়া খালিস্তানী নেতাজন আৰু তেওঁৰ সংগী হোছিয়াৰপুৰৰ পৰা পলায়ন কৰে। অৱশ্যে অমৃতপালে পলায়ন কৰিবলৈ সক্ষম হ’লেও তেওঁৰ সংগী দুজনক গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষীয়ে দাবী কৰে।
আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰে যে অমৃতপাল ফাগৱাৰাৰ পৰা পথেৰে হোছিয়াৰপুৰলৈ আহিছিল। বগা ৰঙৰ ইনোভা গাড়ী এখনত তেওঁ আহি আছিল। সেই তথ্য পোৱাৰ পিছতে আৰক্ষীয়ে গাড়ীখন অনুসৰন কৰে ৷ আন এখন গাড়ীয়ে ইনোভা গাড়ীখনৰ পিছে পিছে গৈ আছিল। হোছিয়াৰপুৰলৈ যোৱা বাটত আৰক্ষীৰ চেক পষ্ট বহুওৱা হৈছে অমৃতপালৰ গাড়ীখন মসৃণভাৱে চেক পোষ্টটোৰ কাষেৰে পাৰ হৈ মেহটিয়ানাৰ এখন গুৰদ্বাৰাৰ ওচৰত ৰৈ যায় ৷
হোছিয়াপুৰ চিআইডিৰ সূত্ৰ অনুসৰি অমৃতপাল, পাপলপ্ৰীত আৰু আন এজন সংগীয়ে গাড়ীখন গুৰুদ্বাৰাৰ সমীপতে এৰি পলায়ন কৰে। আৰক্ষীয়ে তালাচী চলাই অমৃতপালৰ দুই সংগীক আটক কৰে। দুয়ো অমৃতপালৰ গাড়ীৰ পিছে পিছে গৈ আছিল। ধৃত ব্যক্তি দুজন প্ৰকৃততে পঞ্জাৱৰ বাসিন্দা যদিও উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত বাস কৰে।
আৰক্ষীৰ মতে ‘পাঞ্জাৱ ৱাৰিছ দে’ৰ মুৰব্বী অমৃতপাল হোছিয়াৰপুৰত আত্মগোপন কৰি আছে। মঙলবাৰৰ নিশাৰ পৰা সমগ্ৰ হোছিয়াৰপুৰ নিৰাপত্তাৰক্ষীয়ে ঘেৰি ধৰিছে। আৰক্ষীৰ এক সূত্ৰৰ মতে, হোছিয়াৰপুৰৰ মৰনৈগ্ৰাম গাঁৱত লুকাই থাকিব পাৰে খালিস্তানী নেতাজন। গাঁওখন মেহটিয়ানাৰ গুৰদ্বাৰাৰ পৰা অলপ দূৰৈত অৱস্থিত । সেয়ে মঙলবাৰে নিশাৰ পৰা সেই গাঁৱখনৰ প্ৰতিটো ঘৰত প্ৰৱেশ কৰি তালাচী আৰম্ভ কৰিছে ৷
সোমবাৰে পোহৰলৈ আহে অমৃতপালৰ এটা ভিডিঅ’। প্ৰকাশিত চিচিটিভি ফুটেজত দেখা গৈছে যে পূব দিল্লীৰ মধু বিহাৰত অমৃতপালে পথৰ কাষেৰে খোজ কাঢ়ি গৈ আছে। মূৰত পাগুৰি পৰিধান কৰা নাছিল । চিচিটিভিৰ ফুটেজত দেখা পোৱা ব্যক্তিজন অমৃতপাল বুলিও আৰক্ষীয়ে নিশ্চিত কৰিছে।
বিগত ১১ দিন ধৰি পলাতক হৈ আছে অমৃতপাল আৰু তেওঁৰ সংগী।বাৰে বাৰে আৰক্ষীৰ চকুত ধূলি লৈ পলায়ন কৰিবলৈ সক্ষম হৈছে খালিস্তানী নেতাজন। তেওঁ নিজৰবাস্থান সলনি কৰি থাকে। যোৱা ১১ দিনত তেওঁক কেতিয়াবা হাৰিয়ানাত, কেতিয়াবা দিল্লীত, কেতিয়াবা উত্তৰ প্ৰদেশত, কেতিয়াবা পঞ্জাৱত দেখা গৈছে।