অসমৰ কামৰূপ জিলাৰ পলাশবাৰীৰ জিয়ৰী অঞ্জলি দাসে পদযাত্ৰা কৰি গৈ বৰফাবৃত লাডাখৰ শৃংগত উৰুৱালে জয় আই অসমৰ নিচান আৰু ত্ৰিৰংগ পতাকা৷আমৰাংগাৰ পৰা লাডাখলৈ ১৩ আগষ্টৰ পৰা যাত্ৰা কৰি লাডাখৰ শৃংগত উপনীত হৈ বিজয়ৰ নিচান উৰুৱালে দুঃসাহসিক খেলুৱৈ গৰাকীয়ে৷ এই খবৰ এক ভিডিওৰ যোগে সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ লগে লগে অঞ্চলটোত আনন্দৰ জোৱাৰ উঠে৷আমৰাংগাৰ পৰা লাডাখলৈ ২,৭৯৬ কিল’মিটাৰ পদযাত্ৰা কৰিবলৈ ওলোৱাৰ সময়ত বতৰে তেওঁৰ লগ দিয়া নাছিল৷ নেৰানেপেৰা বৰষুণ আৰু যাত্ৰাৰ শেষত প্ৰচণ্ড শীতৰ সন্মূখীন হৈছিল খেলুৱৈ গৰাকী৷বৰফাবৃত ওখ পাহাৰৰ দূৰ্গম পথেৰে যাত্ৰা কৰা সহজ নাছিল লগতে অক্সিজেন অবিহনে যাত্ৰা কৰাও এককথাত অসম্ভৱ আছিল৷কিন্তু এই অসম্ভৱ কাৰ্য্যকো সম্ভৱ কৰি দেখুৱালে অসমৰ গৌৰৱ অঞ্জলি দাসে৷যাত্ৰা আৰম্ভ কৰাৰ সময়ত ভাৰতবৰ্ষৰ সকলো মানুহ সু স্বাস্থ্যৰ অধিকাৰী হওঁক এই শ্ল’গান দিছিল খেলুৱৈ গৰাকীয়ে আৰু এই পদযাত্ৰা আৰম্ভ কৰিছিল৷
অসমৰ পৰা লাডাখলৈ খাজ কাঢ়ি গৈ লাডাখৰ বৰফাবৃত শৃংগত বিজয় নিচান উৰুৱা অঞ্জলি দাসেই হ’ল প্ৰথম গৰাকী অসমীয়া মহিলা যাৰ নাম ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ ৰ’ব চিৰদিনৰ বাবে৷