মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইবাৰ উকীলৰ কমিছনৰাজৰ বিৰুদ্ধে সক্ৰিয় হৈ উঠিছে। মাটিৰ দালাল, ডি টি অ’ অফিচৰ দালাল, আৰক্ষী থানাৰ দালাকত নাকী লগোৱাৰ পিছত এইবাৰ উকীলৰ ওপৰত চকু দিছে। দুৰ্ঘটনাত জড়িত লোকসকলক সকাহ দি কমিছনৰাজৰ পৰা উদ্ধাৰ কৰিবলৈ এই ব্যৱস্থা কৰিছে।
দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত লোকসকলে দুৰ্ঘটনাৰ ৰিপৰ্ট, পোষ্টমৰ্টেম ৰিপৰ্ট বিচাৰি উকীলৰ কাষ চাপিবলগীয়া হয়। বীমাৰ ধন উলিয়াই দিয়াৰ নামত বহুতো উকীলে ৩০-৪০% কমিশ্যন লয়। ফলস্বৰূপে সৰ্ব সাধাৰণ ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়।
এইবাৰ সৰ্ব সাধাৰণ ৰাইজৰ সুবিধাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। অহা ১ জানুৱাৰী তাৰিখৰ পৰা দুৰ্ঘটনাজনিত সকলো ৰিপৰ্ট আৰক্ষীৰ লোকে ভুক্তভোগীৰ ঘৰত গৈ দি অহাৰ ব্যৱস্থা কৰিছে। যদি কোনো লোকে সময়মতে ৰিপৰ্ট ঘৰতে লাভ নকৰে, তেন্তে আৰক্ষীৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকিয়াই দিছে।
উকীলৰ সৈতে যাতে সৰ্ব সাধাৰণ লোকৰ যোগাযোগ নহ’লেও হয়, তাৰ বাবে এই ব্যৱস্থা কৰিছে। কিবা কাৰণত যদি উকীলৰ সৈতে যোগাযোগ কৰিবলগীয়া হয় তেন্তে তাৰ বিনিময়ত উকীলজনে কেৱল ফিজহে গ্ৰহণ কৰিব পাৰিব কিন্তু কমিছন ল’ব নোৱাৰিব বুলি সকিয়নি জাৰী কৰিছে। ভুক্তভোগীয়ে অভিযোগ দাখিল কৰিলে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মুখ্যমন্ত্ৰীজনে উল্লেখ কৰে।