প্ৰত্যাশিত ভাৱেই গুজৰাটত বিপুল বিজয়ৰ দিছে আগবাঢ়িছে বিজেপি । বিয়লি পৰ্যন্ত গুজৰাটৰ ১৮২ খন আসনৰ ভিতৰত ১৫৩খন আসনত বেজিপি আগবাঢ়ি আছে। ইয়াৰ বিপৰীতে কংগ্ৰেছে ২০ খন,আপে ছয় খন আৰু অন্যান্য 3 খন আসনত আগবাঢ়ি আছে। ইয়াৰ সমান্তৰালভাৱে আজি ঘোষণা কৰা হৈছে হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ফলাফল।যত পৰাজয়ৰ দিশে আগবাঢ়িছে কংগ্ৰেছ। হিমাচলত ৬৮ খন আসনৰ ভিতৰত কংগ্ৰেছে অগ্ৰগতি লাভ কৰিছে ৪০খন আসনত। আনহাতে বিজেপিয়ে পঁচিছ খন আৰু অন্যান্যই তিনিখন আসনত আগবাঢ়ি আছে।লক্ষণীয় যে নিশ্চিত বিজয়ৰ দিশে হিমাচলত আগবঢ়াৰ সময়তে কংগ্ৰেছৰ মাজত শংকাৰ সৃষ্টি হৈছে । কিয়নো কংগ্ৰেছৰ বিধায়কসকলক ক্ৰয় কৰাৰ চেষ্টা কৰা হব বুলি আশংকা কৰা হৈছে । যাৰ বাবেই কংগ্ৰেছৰ কেইবাজনো শীর্ষ নেতা ইতিমধ্যে হিমাচল প্ৰদেশত উপস্থিত হৈছে। সম্ভৱত কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থীসকলক ৰিজৰ্ট অথবা হোটেলত ৰখা হব ।
অহা ১২ ডিচেম্বৰত গুজৰাটত শপত গ্ৰহণ অনুষ্ঠিত হব । প্ৰাপ্ত তথ্য অনুসৰি শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ইতিমধ্যে গুজৰাটত বিজেপি কৰ্মীসকলৰ মাজত ব্যাপক উচাহ পৰিলক্ষিত হৈছে।ফলাফল ঘোষণাৰ লগে লগে সমৰ্থকসকলে কাৰ্যালয়ত সমবেত হৈ নাচি বাগি আনন্দত মতলীয়া হৈ পৰে।