হোৱাটছএপ কলৰ জৰিয়তে প্ৰৱঞ্চনাৰ সন্মুখীন হৈছে নেকি ? এই অভিযোগ লাভ কৰাৰ পাছতে হোৱাটছএপৰ নিয়ন্ত্ৰক সংস্থা মেটাই এই সমস্যা সমাধানৰ বাবে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰে। সতৰ্কতামূলক ব্যৱস্থা হিচাপে গ্ৰাহকসকলক তিনিটা নম্বৰৰ পৰা ফোন নল’বলৈ পৰামৰ্শ দিয়া হৈছে। ইয়াৰ উপৰিও নম্বৰটো ‘ব্লক’ কৰি সংস্থাটোক ‘ৰিপ’ৰ্ট’ কৰিবলৈও পৰামৰ্শ দিয়া হৈছে।
তদন্তত মেটা অৱগত হয় যে গ্ৰাহকক মূলতঃ আন্তঃৰাষ্ট্ৰীয় কল (আই এছ ডি)ৰ জৰিয়তে প্ৰতাৰণা কৰা হৈছে। হোৱাটছএপৰ বৃহৎ সংখ্যক গ্ৰাহকৰ কথা মনত ৰাখি একাংশক বিপথে পৰিচালিত কৰি ধন আদায় কৰা হৈছে। মালয়েছিয়া, কেনিয়া, ভিয়েটনাম আৰু ইথিওপিয়াত প্ৰৱঞ্চনা বেছিকৈ দেখা যায়। বহু গ্ৰাহকে এদিনৰ ভিতৰতে ভুৱা নম্বৰৰ পৰা ফোন লাভ কৰিছে ৷
হোৱাটছএপ কৰ্তৃপক্ষৰ পৰামৰ্শ, যদি নম্বৰটো ৮৪, ৬২ আৰু ৬০ ৰে আৰম্ভ হয় তেন্তে সেই ফোন কেতিয়াও গ্ৰহণ নকৰিব ৷ নম্বৰটো কাটি ব্লক কৰক। বহু গ্ৰাহকে অৱশ্যে নম্বৰটো ব্লক কৰাৰ পিছতো বহু ভুৱা ফোন অহাৰ বাতৰি প্ৰকাশ কৰিছে। হোৱাটছএপ কৰ্তৃপক্ষই জনোৱা মতে, গ্ৰাহকৰ সুৰক্ষা তেওঁলোকৰ বাবে অগ্ৰাধিকাৰৰ বিষয় হৈ পৰিছে। এই ক্ষেত্ৰতো সকলো সমস্যা সমাধান হ’ব।