বিশ্বৰ আটাইতকৈ দুধর্ষ আৰু ভয়ানক ছিৰিয়েল কিলাৰ সকলৰ ভিতৰত শীর্ষ স্থান দখল কৰি থকাসকলৰ অন্যতম হৈছে চার্লছ শোভৰাজ ৷ বিকিনি কিলাৰ হিচাপে পৰিচিত চার্লছ শোভৰাজৰ অপৰাধৰ কাহিনীয়ে আজিও শিহৰিত কৰি তুলিব আপোনাক ৷ সেইজন কুখ্যাত অপৰাধীকে নেপালৰ উচ্চতম ন্যায়ালয়ে শাৰীৰিক অসুস্থতা আৰু বাৰ্ধক্যজনিত কাৰণত মুকলি কৰি দিবলৈ বৃহস্পতিবাৰে নির্দেশ দিছে ৷
উল্লেখ্য যে মূলতঃ ফ্ৰান্সৰ নাগৰিক, ভিয়েটনামী আৰু ভাৰতীয় মূলৰ চাৰ্লছে সত্তৰৰ দশকত একাধিক হত্যাকাণ্ড সংঘটিত কৰিছিল ৷ ২০টা শিহৰণকাৰী হত্যাকাণ্ডৰে তেওঁ দখল কৰিছিল শিৰোনাম ৷ এজন ফৰাচী পৰ্যটকক হত্যা কৰি তেওঁ ভাৰতত ২১ বছৰ কাৰাগাৰত কটাবলগীয়া হৈছিল।
অৱশ্যে চার্লছৰ শৈশৱ আছিল অত্যন্ত দুর্যোগেৰে ভৰা ৷ ভাৰতীয় পিতৃ আৰু ভিয়েটনামী মাতৃয়ে কেতিয়াও অনুষ্ঠানিকভাৱে বিয়া পতা নাছিল। পিতৃয়ে চাৰ্লছৰ পিতৃত্ব মানি ল’ব বিচৰা নাছিল।যাৰ বাবে চাৰ্লছ কাৰ্যতঃ ৰাষ্ট্ৰহীন হৈ পৰিছিল। পিছত মাকৰ দ্বিতীয় স্বামীয়ে শিশু অৱস্থাত চার্লছক আকোৱালি লয়। কিন্তু চাৰ্লছে মাকৰ নতুন পৰিয়াল, আন সন্তানৰ লগত খাপ খাব পৰা নাছিল। ফলত চাৰ্লছ যৌৱন কালত অপৰাধৰ জগতখনত প্ৰৱেশ কৰে ৷
নিজৰ আকর্ষণীয় ব্যক্তিত্ব ব্যৱহাৰ কৰি চাৰ্লছে ইটোৰ পিছত সিটো অপৰাধ সংঘটিত কৰিছিল ৷ ১৯৭৫ চনত পাটায়াত বিকিনি পৰিহিত এগৰাকী আমেৰিকান মহিলাৰ মৃতদেহ উদ্ধাৰ হয় ৷তেতিয়াই প্ৰথমে চাৰ্লছক হত্যাকাৰী হিচাপে চিনাক্ত কৰা হয় ৷ ডিঙি চেপি বর্বৰ ভাৱে হত্যা কৰি যুৱতী গৰাকীক চার্লছে জ্বলাই দিছিল । যিসকল পুৰুষক তেওঁ হত্যা কৰিছিল তেওঁলোকৰ পাছপ’ৰ্টৰ সহায়ত ভুৱা পৰিচয়ৰে বিভিন্ন দেশত প্ৰৱেশ কৰিছিল ৷
১৯৭৬ চনত দিল্লীৰ এখন হোটেলত ফৰাচী পৰ্যটকক বিষাক্ত দ্ৰব্য সেৱন কৰাই হত্যা কৰাৰ অভিযোগত চাৰ্লছক গ্ৰেপ্তাৰ কৰা হৈছিল। ১২ বছৰৰ কাৰাগাৰত থকাৰ পাছত ১৯৮৬ চনত জেলৰ পৰা পলায়ন কৰে ৷ গোৱাৰ উপকূলত পুনৰ ধৰা পৰে চার্লছ । তেওঁ ভাৰতত মুঠ ২১ বছৰ কাৰাগাৰত আছিল। ১৯৯৭ চনত মুক্তি লাভ কৰি পেৰিছলৈ উভতি যায় চার্লছ ৷
ভাৰতৰ লগতে দক্ষিণ এছিয়াৰ দেশসমূহতো বিকিনি কিলাৰ নামেৰে জনাজাত চার্লছ শোভৰাজ । যিয়ে ১৯৭০ চনত দক্ষিণ-পূব এছিয়াৰ প্ৰায় প্ৰতিখন দেশলৈ গৈ বিদেশী পৰ্যটকক হত্যা কৰিছিল। নিহতসকলৰ অধিকাংশই ইউৰোপ আৰু আমেৰিকাৰ ৷ লগতে ভাৰত, নেপাল আৰু থাইলেণ্ডৰ যুৱতীকো তেওঁ হত্যা কৰিছিল । কিন্তু এই দুধর্ষ বিকিনি কিলাৰে প্ৰকৃততে কিমান মানুহক হত্যা কৰিলে তাৰ ৰহস্য এতিয়াও পোহৰলৈ অহা নাই ৷ অপৰাধৰ জগতখনত এনে কোনো অপৰাধ নাই য’ত চাৰ্লছ শোভৰাজ জড়িত হোৱা নাছিল ৷ সত্তৰৰ দশকৰ পৰা আশীৰ দশকৰ আৰম্ভণিতে থাইলেণ্ডকে ধৰি বিভিন্ন দেশৰ মহিলা পৰ্যটকক ড্ৰাগছ সেৱন কৰাই হত্যা কৰাৰ অভিযোগ তেওঁৰ বিৰুদ্ধে উত্থাপিত হৈছিল ৷ তেওঁ হত্যাকাণ্ড সংঘটিত কৰা মহিলাসকলৰ অধিকাংশই বিকিনি পৰিধান কৰিছিল বাবেই বিকিনি কিলাৰ হিচাপে জনা গৈছিল ৷