চীনত হাজাৰ হাজাৰ ফুট গভীৰ গাঁত খান্দিবলৈ লোৱা পদক্ষেপক লৈ তীব্ৰ জল্পনা-কল্পনা আৰম্ভ হৈছে । প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে, চীনে ইয়াৰ জৰিয়তে কি কৰিব বিচাৰে? উদ্দেশ্য কি? এইবাৰ জি জিনপিঙৰ দেশে ছিচুয়ান প্ৰদেশত ৩২,৮০৮ ফুট উচ্চতাৰ গাঁত খান্দিবলৈ আৰম্ভ কৰিছে। এই দাবী চীনৰ সংবাদ সংস্থা ছিনহুয়াৰ।
ইয়াৰ পূৰ্বে যোৱা মে’ মাহত চীনে জিনজিয়াং প্ৰদেশত একে গভীৰ গাঁত খান্দিছিল। তেতিয়াও জল্পনা-কল্পনা আৰম্ভ হৈছিল, কি উদ্দেশ্যত তেওঁলোকে এই কাম কৰিছে? যদিও সেই সময়ত দাবী কৰা হৈছিল, পৃথিৱীৰ অন্তৰ্নিহিত গঠনৰ বিষয়ে জানিবলৈ আৰু ইয়াৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ এই বৃহৎ গভীৰতা কূপ খনন কৰা হৈছে।
কিন্তু এইবাৰ ই তথ্যৰ সংকলন নহয়, চীনে চিচুয়ান প্ৰদেশত প্ৰাকৃতিক গেছৰ মজুত বিচাৰি এই গাঁত খান্দিছে ৷ এই তথ্য প্ৰকাশ কৰিছে জিনহুয়াই। চীনৰ দক্ষিণ-পূব প্ৰদেশ ছিচুয়ান প্ৰাকৃতিক সৌন্দৰ্য্য আৰু মছলাৰ বাবে বিখ্যাত। ইয়াৰ উপৰিও প্ৰদেশখনত কেইবাটাও প্ৰাকৃতিক গেছৰ মজুত আছে। সেই গেছৰ সন্ধানত চীনে পুনৰ মাটিত গাঁত খান্দিবলৈ আৰম্ভ কৰিছে।
শেহতীয়াকৈ চীন চৰকাৰে সকলো পেট্ৰলিয়াম কোম্পানীক ইন্ধন উৎপাদন বৃদ্ধিৰ ওপৰত গুৰুত্ব দিবলৈ নিৰ্দেশ দিছিল। জি জিনপিঙৰ দেশত দেশত বিদ্যুৎ আৰু শক্তিৰ নাটনি পূৰণৰ বাবে উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে আগবাঢ়িছে আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত শক্তিৰ মূল্যৰ কথা মনত ৰাখিছে। জিনজিয়াং প্ৰদেশ বিভিন্ন খনিজ পদাৰ্থ আৰু খনিজ তেলেৰে চহকী। সেইবাবেই এই প্ৰদেশখন বাছি লোৱা হৈছিল বুলি ছিনহুয়াই দাবী কৰে।