অৱশেষত নৱ নির্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুৰ ওচৰত লিখিতভাৱে ক্ষমা বিচাৰিলে কংগ্ৰেছ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে ৷ এক পত্ৰৰ জৰিয়তে সাংসদজনে ৰাষ্ট্ৰপতি গৰাকীৰ ওচৰত ক্ষমা প্ৰার্থনা কৰে ৷ চলিত সপ্তাহৰ আৰম্ভণিতে এক সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক তেওঁ ৰাষ্ট্ৰপত্নী বুলি অভিহিত কৰিছে ৷ চৌধুৰীয়ে ৰাষ্ট্ৰপতি মুৰ্মুলৈ লিখা পত্ৰত কয় -“আপুনি গ্ৰহণ কৰা পদটোক বৰ্ণনা কৰিবলৈ ভুলকৈ এটা ভুল শব্দ ব্যৱহাৰ কৰাৰ বাবে মই দুখ প্ৰকাশ কৰিবলৈ লিখিছো। মই আপোনাক ক’ব বিচাৰিছো যে মোৰ জিভা পিছল খাইছিল। মই ক্ষমা বিচাৰিছো ৷”
লোকসভাত কংগ্ৰেছ নেতা চৌধুৰীয়ে তেওঁৰ দলৰ কেইবাটাও বিষয়ক লৈ কৰা প্ৰতিবাদৰ সময়ত সাংবাদিকৰ সন্মুখত ৰাষ্ট্ৰপতিগৰাকীক ৰাষ্ট্ৰপত্নী আখ্যা দিছিল ৷ অৱশ্যে এয়া জিভা পিচলি কৰা মন্তব্য নহয় বুলি প্ৰকাশ কৰিছে বিজেপিয়ে ৷ আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে সংবাদ সংস্থা এএনআইক কয়-, “এয়া জিভা পিছল কোৱা নাছিল। যদি আপুনি ভিডিঅ’ ক্লিপটো চায়, তেন্তে অধীৰ ৰঞ্জন চৌধুৰীয়ে স্পষ্টভাৱে ৰাষ্ট্ৰপতিক দুবাৰকৈ ৰাষ্ট্ৰপত্নী বুলি সম্বোধন কৰিছিল ৷ “