৩০অক্টোবৰৰ দিনা দিনৰ এক বজাত গুৱাহাটী প্ৰেছ ক্লাবত অসম লেখিকা সংস্থাৰ অন্তৰ্গত দক্ষিণ গুৱাহাটী শাখাৰ উদ্যোগত গুৱাহাটী বিশ্ব বিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ড° নিৰ্মল কুমাৰ চৌধুৰী দেৱে তেখেতৰ মাতৃ মহিয়সী গিৰিবালা চৌধুৰীৰ নামত ২০০৮চনৰ পৰাই প্ৰদান কৰি অহা গিৰিবালা চৌধুৰী বঁটা ২০২১বৰ্ষত দ্বিতীয় বাৰৰ বাবে প্ৰদান কৰা হয় লগতে দক্ষিণ গুৱাহাটী লেখিকা সংস্থাৰ উদ্যোগত আৰু অসম লেখিকা সংস্থাৰ পূৰ্ণ সহযোগিতাত তিনিখন কৈ গ্ৰন্থ উন্মোচন কৰা হয়।
অনুষ্ঠান টোত বিশিষ্ট লেখিকা তথা অসম লেখিকা সংস্থাৰ আজীৱন সদস্যা বিউটি ভট্টাচাৰ্যক গিৰিবালা চৌধুৰী বঁটা প্ৰদান কৰা হয় । বঁটা প্ৰদান কৰে অসমৰ স্বনামধন্য কবি ,অসম লেখিকা সংস্থাৰ বিশেষ সন্মানীয় সদস্যা মীৰা ঠাকুৰে।
আনহাতে সভাত দক্ষিণ গুৱাহাটী লেখিকা সংস্থাৰ তিনিখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। অসম লেখিকা সংস্থাৰ সাংস্কৃতিক সম্পাদিকা তথা দক্ষিণ গুৱাহাটী শাখা লেখিকা সংস্থাৰ উপসভানেত্ৰী জুৰি বৰুৱাৰ প্ৰবন্ধ সংকলন ‘বাৰেৰহণীয়া সংস্কৃতিৰ বাকৰিত’, অসম লেখিকা সংস্থাৰ কাৰ্য্যকৰী সদস্যা তথা দক্ষিণ গুৱাহাটী শাখা লেখিকা সংস্থাৰ সম্পাদিকা পাৰুল বৰুৱাৰ কাব্য সংকলন অৰণ্যৰ ফুল আৰু দক্ষিণ গুৱাহাটী শাখা লেখিকা সংস্থাৰ অণু গল্প সংকলন বাঙ্ময় বৰ্ণৰ দাপোন উন্মোচন কৰা হয়। জুৰি বৰুৱাৰ প্ৰবন্ধ সংকলন বাৰেৰহণীয়া সংস্কৃতিৰ বাকৰিত গ্ৰন্থ উন্মোচন কৰে পদ্মশ্ৰী ড°সূৰ্য্য হাজৰিকাই,অণু গল্প সংকলন বাঙ্ময় বৰ্ণৰ দাপোন উন্মোচন কৰে বিশিষ্ট লেখিকা আৰু অসম লেখিকা সংস্থাৰ সভানেত্ৰী মঞ্জুলা শৰ্মা ভট্টাচাৰ্যই। সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত বিশিষ্ট সাহিত্যিক ড°জয়ন্ত মাধৱ বৰাই পাৰুল বৰুৱাৰ অৰণ্যৰ ফুল নামৰ কাব্য সংকলন খনি উন্মোচন কৰে।
উক্ত অনুষ্ঠানটো বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে অসম লেখিকা সংস্থাৰ নামনি গোটৰ কাৰ্য্যকৰী সভাপতি ও বিশিষ্ট লেখিকা মৃদুলা শৰ্মাই।
দক্ষিণ গুৱাহাটী শাখা লেখিকা সংস্থাৰ সভানেত্ৰী উৎপলা বৰাই মুকলি সভাৰ পৌৰাহিত্য কৰাৰ লগতে বিশিষ্ট অনাতাঁৰ শিল্পী যুগব্ৰতা দত্তই গিৰিবালা চৌধুৰীৰ বিষয়ে বক্তব্য আগবঢ়ায়। বঁটা প্ৰাপক বিউটি ভট্টাচাৰ্যৰ বিষয়ে দুআষাৰ কয় দক্ষিণ গুৱাহাটী শাখা লেখিকা সংস্থাৰ প্ৰতিষ্ঠাপক সভাপতি নয়নতৰা দত্তই। সভাখনত অসম লেখিকা সংস্থাৰ কেইবাগৰাকীও বিষয়ববীয়া, বিশিষ্ট লেখিকা উপস্থিত থকাৰ লগতে অসমৰ কেইবাগৰাকীও স্বনামধন্য ব্যক্তি আৰু অসম লেখিকা সংস্থাৰ সদস্যা সকল উপস্থিত থাকি সভাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰে।