VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰাজকীয় পৰম্পৰাৰে চৰাইবাহীত ঐতিহাসিক গোঁসাই উলিওৱা উৎসৱ সম্পন্ন

ঋতু পৰ্ণ শৰ্মা by ঋতু পৰ্ণ শৰ্মা
April 24, 2023
in মুখ্য সংবাদ
ৰাজকীয় পৰম্পৰাৰে চৰাইবাহীত ঐতিহাসিক গোঁসাই উলিওৱা উৎসৱ সম্পন্ন
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

ইতিহাসে ঢুকি পোৱাৰ দিনৰে পৰা উদযাপিত মধ্য অসমৰ ৰজাদিনীয়া উৎসৱৰ ভিতৰত প্ৰতি বছৰে ব’হাগ মাহৰ কোনো এটা নিদিষ্ট দিনত ঠায়ে ঠায়ে মুকলি পথাৰত পালন কৰা আড়ম্বৰ পূৰ্ণ অনুষ্ঠানটিয়েই হ’ল “গোঁসাই উলিওৱা বা মেলা উৎসৱ” ৷ মধ্য অসমৰ নগাঁও-মৰিগাঁও জিলাৰ ভিতৰত উদযাপিত হোৱা এই উৎসৱৰ ভিতৰত চৰাইবাহী গোসাঁই উলিওৱা উৎসৱ সাধাৰণতে তিৱা আৰু কাৰ্বি জনজাতিৰ পৃষ্ঠপোষকতাত অতীজত অনুষ্ঠিত হৈছিল যদিও পৰৱৰ্তী সময়ত আহোম আৰু কোচ ৰাজবংশৰ প্ৰভাৱত এই গোসাঁই উলিওৱা অনুষ্ঠানে অধিক প্ৰসাৰ লাভ কৰিলে ৷ চৰাইবাহীত কোচ আৰু তিৱা জনজাতিৰ লোক সকলেই ৰাজকীয় বিষয়বাব পাই এই গোসাঁই উলিওৱা অনুষ্ঠান অনুষ্ঠিত কৰি আহিছিল যদিও বৰ্তমান সময়ত সকলো সম্প্ৰদায়ৰ লোকেই উক্ত উৎসৱত ভাগ লয় ৷

জাতি-ধৰ্ম-নিৰ্বিশেষে ঐক্য সম্প্ৰীতিৰে অনুষ্ঠিত হোৱা চৰাইবাহী “গোসাঁই উলিওৱা উৎসৱ”ৰ বিশেষত্ব হ’ল ঢাল বাৰু আৰু নৃত্য ৷ এই গোসাঁই উলিওৱা পৰ্বৰ বাবে আগদিনাই সাজু দায়িত্ব প্ৰাপ্ত লোক ৷ পৰম্পৰা অনুসৰি ৰাজকীয় বিষয় ববিয়া সকলে ৰজাৰ ঘৰলৈ গৈ দিহা পৰামৰ্শ লৈ আহেগৈ ৷ আনহাতে গোসাঁই উলিওৱাৰ আগদিনা বুঢ়া গোসাঁই অৰ্থাৎ সাতোলা ধুই পখালি অকুমাৰী ছোৱালীৰ হাতেৰে ৰজাঘৰীয়া নামঘৰ তথা নিজ চৰাইবাহীৰ বুঢ়া গোসাঁই থানালৈ নি বেদী স্থাপন কৰি ধুপ-ধূনা জ্বলাই নৈবদ্য শৰাই আগবঢ়াই কীৰ্তন কৰা হয় ৷ পিছত হৰিধ্বনি দি বুঢ়া গোসাঁই থানৰ সাতোনা নামঘৰৰ চৌপাশে সাত পাক ঘুৰাই মেলা স্থলিৰ অৰ্থাৎ মুকলি পথাৰৰ মাজলৈ লৈ যোৱা হয় ৷

গোসাঁইৰ আগে আগে গায়ন বায়ন আৰু কোচ ৰজাৰ বাংঠাই আৰু ডা ডাঙৰীয়া সকল আৰু বৰঢুলীয়া সকলে বৰঢোল বজাই যায় আৰু বাৰুৱাতিসকলে ঢাল বাৰু লৈ বৰঢুলীয়াৰ সন্মুখত এক যুদ্ধ সদৃশ বিশেষ ভংগীমাৰে নৃত্য কৰি যায় নিদিষ্ট মুকলি পথাৰলৈ ৷ ই অতি আকৰ্ষণীয় ৷ এই অনুষ্ঠানত কাৰ্বি আৰু তিৱা সকলৰ বিভিন্ন কুলৰ লোকে ঢ়োল বজায় ৷ চৰাইবাহী “গোসাঁই উলিওৱা উৎসৱ”ত ৰংহাংপ বা ৰংহাং ঘৰীয়া শুকাই কুলৰ লোকেও বৰঢোল বজায় ৷ সাতোলাৰ তথা গোসাঁইৰ পিছত অঞ্চলৰ আয়তী বায়তী,নামতি সকলে কীৰ্তন পৰিৱেশ কৰি যায় ৷ আনহাতে আন এক পৰম্পৰা অনুসৰি উৎসৱৰ দিনা কোচ ৰজাক লৈ কৰা কিছু নীতি-নিয়ম আজিও বিদ্যমান ৷

ৰজাক ৰাজকীয় সাজ পাৰ ক্ৰমে ধুতি, পাটৰ কামিজ পিন্ধোৱা হয় ৷ গাত মেৰিয়াই লয় বগা পাটৰ চেলেং আৰু ডিঙিত বিভিন্ন পৌৰাণিক অলংকাৰ পৰিধান কৰোৱা হয় ৷ এইবোৰ সাজ পৰিধান কৰি গোসাঁই উলিওৱা মুকলি পথাৰলৈ ৰজাক লৈ যোৱা হয় ৷ উল্লেখ্য যে অতীতৰে পৰা চলি অহা এই পৰম্পৰা আৰু ৰীতিনীতিৰে আজিও চৰাইবাহী অনুষ্ঠিত হয় ঐতিহাসিক “গোসাঁই উলিওৱা উৎসৱ” ৷

এই গোসাঁই উলিওৱা উৎসৱৰ লগত সংগতি ৰাখি আজি পুৱা বন্তি প্ৰজ্বালন,উষা কীৰ্তন,জল উত্তোলন,ধৰ্মধ্বজা উত্তোলন,গোসাঁই দৌল শুদ্ধিকৰণ আদি অনুষ্ঠান অনুষ্ঠিত হোৱা উপৰিও ৰবিবাৰে পুৱা ৮-৩০ বজাত ঢাল বাৰু নৃত্যৰে ৰজাক আদৰিবলৈ আগমন,নামঘৰে নামঘৰে খোল প্ৰসঙ্গ,নাম প্ৰসঙ্গ, আৰু দুপৰীয়া ১ বজাত বুঢ়া গোসাঁইৰ মূল দ্বাৰ উন্মোচন কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷ ১-৩০ বজাত গোসাঁইক লৈ মেলাস্থলিলৈ আগমন, ২ বজাত বুঢ়া গোসাঁইৰ কলাক্ষেত্ৰ উদ্বোধন আৰু ৰাজদবাৰ মুকলি ৷ ২-৩০ বজাত ৰজাৰ সন্মুখত ঢাল বাৰু নৃত্য প্ৰদৰ্শন,বিয়লি ৫ বজাত মুকলি পথাৰৰ দৌললৈ গোসাঁইৰ আগমন আৰু সন্ধ্যা ৬ বজাত লক্ষ্মী কৃষ্ণৰ বিবাদ অনুষ্ঠানটিৰে সামৰণি পৰে গোসাঁই উলিওৱা উৎসৱ ।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

মংগল গ্ৰহলৈ ‘টিয়ানৱেন-১’ প্ৰেৰণেৰে সাফল্য চীনৰ

Related Posts

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?
মুখ্য সংবাদ

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?
মুখ্য সংবাদ

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ
মুখ্য সংবাদ

পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ

September 22, 2023
উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত  দ গাঁতত পৰি মহিলাৰ মৃত্যু
মুখ্য সংবাদ

উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত দ গাঁতত পৰি মহিলাৰ মৃত্যু

September 22, 2023
গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক
মুখ্য সংবাদ

গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক

September 22, 2023
মানকাছাৰত বিএছএফৰ গুলীত নিহত গৰুৰ চোৰাং সৰবৰাহকাৰী
মুখ্য সংবাদ

মানকাছাৰত বিএছএফৰ গুলীত নিহত গৰুৰ চোৰাং সৰবৰাহকাৰী

September 22, 2023
Next Post
মংগল গ্ৰহলৈ  ‘টিয়ানৱেন-১’  প্ৰেৰণেৰে সাফল্য চীনৰ

মংগল গ্ৰহলৈ ‘টিয়ানৱেন-১’ প্ৰেৰণেৰে সাফল্য চীনৰ

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7