ভাৰত-চীনৰ সামৰিক সংঘাত কোনো ডাঙৰ ঘটনা নহয় ৷ ভাৰতীয় সেনা এনে সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ সাজু ৷ এই মন্তব্য প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ । শেহতীয়াকৈ অৰুণাচলৰ টাৱাঙত চেন আৰু ভাৰতৰ সেনাৰ মাজত সংঘটিত সংঘর্ষ সন্দর্ভত সদনৰ মজিয়াত বিবৃতি প্ৰকাশ কৰি সিঙে এনেদৰে কোৱাৰ পাছতে বিৰোধীয়ে প্ৰতিবাদত সাৱ্যস্ত কৰে আৰু লোকসভাৰ মজিয়া ত্যাগ কৰে ৷
যোৱা শুকুৰবাৰে অৰুণাচল প্ৰদেশ আৰু চীনৰ সীমান্তত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত ভাৰতীয় সেনাৰ সৈতে চীনৰ সেনাৰ সংঘৰ্ষ হৈছিল। এই সংঘর্ষত দুয়োপক্ষৰ কেইবাজনো জোৱান আহত হয়। এই খবৰ পোহৰলৈ অহাৰ লগে লগে বিৰোধী দলটোৱে স্পষ্টীকৰণ প্ৰকাশ কৰিবলৈ দাবী উত্থাপন কৰে ৷ তেওঁলোকে অভিযোগ কৰে যে কেন্দ্ৰই চীনৰ সৈতে ভাৰতৰ সম্পৰ্কৰ জটিলতা দেশবাসীৰ পৰা লুকুৱাবলৈ চেষ্টা কৰিছে। কংগ্ৰেছ, তৃণমূল আদি বিৰোধী দলৰ সাংসদসকলেও এই বিষয়ত সংসদত বিশদ আলোচনা বিচাৰিছিল। ইয়াৰ পাছতে মঙলবাৰে বিয়লি সংসদত ৰাজনাথ সিঙে বিবৃতি প্ৰকাশ কৰে কৰে। টাৱাঙৰ সংঘর্ষত সেনাৰ ভূমিকাক শলাগ লৈ তেওঁ কয়, “ভাৰতীয় সেনাই সময়মতে হস্তক্ষেপ কৰাৰ বাবে পৰিস্থিতি তৎক্ষণাৎ স্বাভাৱিক অৱস্থালৈ আহিল ৷ চীনৰ পিপলছ লিবাৰেচন আৰ্মীৰ সৈন্যসকলে পিছুৱাই যাবলৈ বাধ্য হ’ল। ইয়াৰ বাহিৰেও অৰুণাচল সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষত সেনাবাহিনীত কোনো লোকৰ মৃত্যু হোৱা নাছিল। কোনো লোক গুৰুতৰভাৱে আহত হোৱা নাই। আমি জানো যে ভাৰতীয় সেনাবাহিনীৰ এই সমস্যা চম্ভালিব পৰা ক্ষমতা আছে।“ ৰাজনাথৰ এই বক্তব্যৰ পিছতে লোকসভাত নতুনকৈ হুলস্থুল আৰম্ভ হয় ৷ সংসদৰ নিম্ন সদনৰ অধিৱেশনৰ পৰা বিৰোধী সাংসদসকলে একেলগে ওলাই আহে ।
মঙলবাৰে ৰাজনাথ সিঙৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টাৱাঙৰ ঘটনা সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰে। অমিত শ্বাহে কয়, ‘যেতিয়ালৈকে দেশত বিজেপি চৰকাৰ আছে তেতিয়ালৈ দেশৰ এক ইঞ্চিও মাটি কোনেও কাঢ়ি নিব নোৱাৰে। সেনাৰ বীৰত্বৰ শলাগ লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে মই টাৱাঙৰ জোৱানসকলক প্ৰণাম জনাব বিচাৰো। যিসকলে ৮ আৰু ৯ ডিচেম্বৰৰ নিশা অৰুণাচল প্ৰদেশৰ সীমান্তত চীনা সেনাৰ সন্মুখত থিয় হৈছিল।
সংবাদ সংস্থা এএনআইয়ে প্ৰকাশ কৰা অনুসৰি শুকুৰবাৰে নিশা চীনৰ পিপলছ লিবাৰেচন আৰ্মীয়ে লাঠী লৈ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰে। ইয়াৰ পিছতে দুয়োপক্ষৰ মাজত সংঘাত আৰম্ভ হয়। এই সংঘৰ্ষত দুয়োপক্ষৰ কেইবাজনো জোৱান আহত হয়। সংবাদ সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি হতাহতি আৰু শিলগুটি নিক্ষেপ কৰাত ভাৰতীয় সেনাৰ ৬ জন জোৱান ‘সামান্য আহত’ হৈছে।