উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে যিকোনো মুহুর্তত আমেৰিকাৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ আৰু যুদ্ধ কৰিবলৈ সাজু বুলি ঘোষণা কৰিছে ৷ ২০১৭ চনৰ পিছত উত্তৰ কোৰিয়াই প্ৰথমবাৰৰ বাবে পাৰমাণৱিক পৰীক্ষা চলাবলৈ প্ৰস্তুতি আৰম্ভ কৰাৰ সময়তে কিম জং উনে এইদৰে আমেৰিকাক সতর্ক কৰি দিছে ৷
২৭ জুলাইত কোৰিয়া যুদ্ধ বিৰতিৰ ৬৯ বছৰীয়া জয়ন্তী উপলক্ষে অনুষ্ঠিত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি কিমে এই মন্তব্য কৰে, যাৰ ফলত দুয়োখন কোৰিয়াৰ মাজত কাৰিকৰীভাৱে এতিয়াও যুদ্ধ অব্যাহত আছে ৷ তেওঁ কয় –“যিকোনো সংকটৰ প্ৰতি সঁহাৰি জনাবলৈ আমাৰ সশস্ত্ৰ বাহিনী আৰু আমাৰ ৰাষ্ট্ৰৰ পাৰমাণৱিক যুদ্ধ প্ৰতিৰোধ অস্ত্ৰ সম্পূৰ্ণৰূপে সাজু।“ ভাষণ প্ৰসংগতে আমেৰকাৰ কার্য-কলাপক কঠোৰ ভাষাৰে সমালোচনা কৰি কিমে কয় “মই পুনৰবাৰ স্পষ্ট কৰি দিছো যে আমেৰিকাৰ সৈতে যিকোনো সামৰিক সংঘৰ্ষৰ বাবে উত্তৰ কোৰিয়া সম্পূৰ্ণ সাজু।“উত্তৰ কোৰিয়াই যোৱা কেইমাহমানৰ পৰা হাইপাৰছ’নিক মিছাইল আৰু ক্ষেপণাস্ত্ৰৰ পৰীক্ষা সম্পন্ন কৰিছে ৷
ছিউল আৰু ৱাশ্বিংটনৰ বিষয়াসকলে ২০১৭ চনৰ পিছত উত্তৰ কোৰিয়াই প্ৰথমবাৰৰ বাবে পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বুলি কোৱাৰ পিছতে কিম জং উনে এই মন্তব্য কৰে ৷ আন্তঃকোৰিয়াৰ বিষয়সমূহ অধ্যয়ন কৰা দক্ষিণ কোৰিয়াৰ এজন মন্ত্ৰীয়ে মঙলবাৰে কয় যে বৰ্ষপূৰ্তিৰ সময়মতে এই পাৰমাণৱিক পৰীক্ষা উত্তৰ কোৰিয়াই সম্পন্ন কৰাৰ “সম্ভাৱনা” আছে ৷ দক্ষিণ কোৰিয়াৰ বৈদেশিক মন্ত্ৰীয়ে বুধবাৰে কয় যে উত্তৰ কোৰিয়াই এই পাৰমাণৱিকপৰীক্ষাত আগবাঢ়ি গ’লে অধিক শক্তিশালী নিষেধাজ্ঞাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।