ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ বাবেই দেশ এৰি পলাবলৈ বাধ্য হৈছে বহু ইউক্ৰেনিয়ান ৷ যুদ্ধ বিভিষীকা দিনে দিনে বৃদ্ধি পোৱাৰ লগে লগেই নিজৰ পৰিয়াল সহ খোজকাঢ়িয়েই দেশৰ সীমা অতিক্ৰম কৰিছে বহু লোকে ৷ এইসকলৰ দৰে এইবাৰ দেশ এৰিবলৈ বাধ্য হৈছে ইউক্ৰেইনৰ এগৰাকী সুন্দৰী নাৰী পূৰ্বৰ মিছ ইউক্ৰেইন ৱেৰ’নিকা ডিডুচেংক’ৱে ৷ সাত বছৰীয়া কণমানি পুত্ৰক লৈ ইউক্ৰেইনৰ কিভ চহৰৰ বাহিৰ হ’ল ৱেৰ’নিকা ৷ এই ক্ষেত্ৰত ভালেখিনি ক্টৰ মুখামুখি হ’ব লগা হ’ল তেওঁলোক দুয়ো মাতৃ-পুত্ৰ ৷
২০১৮চনত মিছ ইউক্ৰেইনৰ খিতাপ দকল কৰিবলৈ সক্ষম হোৱা ডিডুচেংক’ৱে মংগলবাৰে লছ এঞ্জেলচত অনুষ্ঠিত এক সংবাদ মেলত এই কথা ব্যক্ত কৰে ৷ তেওঁ লগতে কয় যে, ‘এই যুদ্ধত বহু চহৰত মানৱ সম্পদৰ যথেষ্ট ক্ষতি হৈছে ,কিন্তু তেওঁলোকে হাৰ মনা নাই ৷’ আকৌ তেওঁ কয় ,যি দিনাই ৰাছিয়ান সেনাই প্ৰথম বাৰ আক্ৰমন কৰিছিল আৰু কীভৰ ফালে আগবাঢ়িছিল আমি সেইদিনাই দেশ ত্যাগ কৰিলোঁ ৷ সহস্ৰাধিক লোকৰ লগত দেশৰ পৰা পলায়ন কৰাৰ সময়ত খোজকাঢ়িয়েই তেওঁলোকে চহৰখনৰ বাহিৰলৈ যাবলৈ চেষ্টা কৰিছিল ৷ ইউক্ৰেইনৰ সীমান্তলৈকে তেওঁলোকৰ এই এই যাত্ৰাত এনেকুৱা কোনো ঠাই নাছিল য’ত চাইৰেন নাইবা বোমা বিস্ফোৰণৰ শব্দ তেওঁলোকে শুনা নাছিল ৷
তেওঁ লগতে কৈছিল যে, ‘আমেৰিকালৈকে অহাৰ সময়ত তেওঁলোকে চাৰিখন দেশ অতিক্ৰম কৰিব লগা হৈছিল’ ৷
বৰ্তমান সময়ত যুদ্ধৰ প্ৰতিটো শব্দত কঁপি কঁপি লক্ষ লক্ষ ইউক্ৰেইনী শিশু আৰু মাতৃয়ে মেট্ৰ’ষ্টেছন আৰু আশ্ৰয় স্থল সমূহত জীৱন অতিবাহিত কৰিছে ৷ মিছ ইউক্ৰেইন গৰাকীৰ ওচৰত আমেৰিকাৰ ভিজা আছিল বাবেই তেওঁ আমেৰিকাত উপস্থিত হ’ব পাৰিলে ৷ পুত্ৰক চুইজাৰলেণ্ডৰ এজন বন্ধুৰ তাত থৈ তেওঁ আমেৰিকা পাইছেগৈ ৷ ৰাছিয়ান সেনাৰ বিৰুদ্ধে থিয় দিবলৈ তেওঁ আমেৰিকাৰ লগতে অন্যান্য পশ্চিমীয়া ৰাষ্ট্ৰ সমূহক আহ্বান জনাইছে আৰু কৈছে যে আমেৰিকাৰ ভিজা অধিকাৰীয়ে ভিজাৰ ক্ষেত্ৰত যদি কিছু সকাহ প্ৰদান কৰে তেন্তে নিশ্চয় বহু ইউক্ৰেনিয়ানৰ জীৱন ৰক্ষা পৰিব ৷