আজি ষষ্ঠ সংখ্যক ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস পালন কৰা হয়। জয়পুৰত কেন্দ্ৰীয় বাবে উদযাপন কৰা ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱসত আয়ুস মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই অংশ গ্ৰহণ কৰি মানৱ জীৱনত আয়ুৰ্বেদৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে।
পৰিপুষ্টিৰ বাবে আয়ুৰ্বেদ এই বৰ্ষৰ অন্যতম লক্ষ্য আৰু উদ্দেশ্য। ঔষধি উদ্ভিদকে ধৰি মূল্যবান সেউজ সম্পদেৰে ভৰা ভাৰতৰ চিকিৎসাৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীলতা ঘূৰাই অনাৰ এক উদ্দেশ্য হৈছে ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস।
সতেজ খাদ্য গ্ৰহণৰ দ্বাৰা শৰীৰ, মন আৰু প্ৰবল ইচ্ছাশক্তি কৰি তোলা হৈছে আয়ুৰ্বেদৰ অন্যতম উদ্দেশ্য। জনসাধাৰণক প্ৰাকৃতিক খাদ্য সম্ভাৰৰ প্ৰতি আগ্ৰহী কৰি তুলি নিৰোগী কৰি তোলা আয়ুৰ্বেদ দিৱসৰ অন্যতম লক্ষ্য।
আয়ুৰ্বেদে সহজ জীৱন যাপনৰ চাৰিটা মূলমন্ত্ৰ আগবঢ়াইছে-
১. সতেজ আৰু গৰম খাদ্য গ্ৰহণ।
২. পুনৰ গৰম কৰি খোৱা খাদ্য বৰ্জন কৰা।
৩. সুখী মনেৰে খাদ্য গ্ৰহণ।
৪. মনৰ ইচ্ছা নাথাকিলে খাদ্য বৰ্জন।
ইতিমধ্যে ভাৰত চৰকাৰে “আয়ুস ফৰ য়ুথ ” শীৰ্ষক কাৰ্য্যক্ৰম গ্ৰহণ কৰিছে যাৰ জৰিয়তে ভাৰতৰ যুৱ চামক আয়ুৰ্বেদ গুণ বিশিষ্ট খাদ্যৰ প্ৰতি আকৰ্ষিত কৰি নিৰোগী কৰি তোলাৰ লক্ষ্য স্থিৰ কৰিছে।