এ টি পি ৱৰ্ল্ড ৰেংকিঙত পুনৰ শীৰ্ষ স্থান দখল কৰি ইতিহাস ৰচনা কৰে টেনিছ তাৰকা নোভাক জক’ভিচে। সপ্তম বাৰৰ বাবে শীৰ্ষ স্থান দখল কৰি প্ৰাক্তন তাৰকা পিট ছাম্প্ৰাছৰ অভিলেখ ভংগ কৰে।
১৯৯৩ চনৰ পৰা ১৯৯৮ চনলৈকে একেৰাহে ৬ বাৰকৈ এটি পি ৰেংকিঙত শীৰ্ষ স্থান দখল কৰি আমেৰিকাৰ প্ৰাক্তন টেনিছ খেলুৱৈ পিট ছাম্প্ৰাছে বিশ্ব অভিলেখ গঢ়িছিল। জক’ভিচে সপ্তমবাৰলৈ একেৰাহে শীৰ্ষ স্থানত থাকি পূৰ্বৰ অভিলেখ ভংগ কৰে।
চলিত বৰ্ষত নোভাক জক’ভিচে উইম্বলডন, ফ্ৰেন্স অপেন, অষ্ট্ৰেলিয়ান অপেনৰ খিতাপ অৰ্জন কৰিছে। ২০ টাকৈ গ্ৰেণ্ড শ্লাম খিতাপ অৰ্জন কৰি নোভাক জক’ভিচে ৰাফেল নাডাল আৰু ফেডেৰাৰ সৈতে সম স্থান অধিকাৰ কৰিছে।