প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ৰবি শাস্ত্ৰীয়ে এইবাৰ আই পি এলৰ প্ৰশিক্ষক হিচাপে যোগদান কৰিব। ২০১৭ চনত ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপে নিয়োজিত হোৱা ৰবি শাস্ত্ৰীৰ প্ৰশিক্ষক হিচাপে টি২০ বিশ্বকাপ ২০২১ চনলৈকে কাৰ্যকাল আছিল। বিশ্বকাপৰ পৰা শোচনীয় প্ৰদৰ্শনেৰে ভাৰতে বিদায় লোৱাৰ পিছতেই প্ৰশিক্ষক হিচাপে ৰবি শাস্ত্ৰীৰ কাৰ্যকালৰ অন্ত পৰিল।
নতুনকৈ অনুমোদন লাভ কৰা আই পি এল দল আহমেদাবাদৰ স্বতাধিকাৰীয়ে প্ৰশিক্ষক হিচাপে ৰবি শাস্ত্ৰীক অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। আনহাতে ৰবি শাস্ত্ৰীও আই পি এলৰ সৈতে জড়িত হ’বলৈ ইচ্ছুক বুলি ঘোষণা কৰিছে।
অভিজ্ঞ প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ তত্ত্বাৱধানত নতুন দল আহমেদাবাদৰ প্ৰদৰ্শন লক্ষনীয় হ’ব।
উল্লেখযোগ্য যে ইতিমধ্যে প্ৰাক্তন ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড়ক ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ নতুন প্ৰশিক্ষক হিচাপে ঘোষণা কৰিছে। ৰবি শাস্ত্ৰীৰ অৱসৰ গ্ৰহণৰ পিছতেই ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল আৰম্ভ হ’ব।