কালি অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এখন বৈঠক অনুষ্ঠিত হয়। ডি জি পি ভাস্কৰজ্যোতি মহন্তকে প্ৰমুখ্য কৰি অসম আৰক্ষীৰ শীৰ্ষ স্থানীয় বিষয়াসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত ভাগ লয়। জিলা আৰক্ষী অধীক্ষকসকলৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চ যোগে জিলাসমূহৰ আইন শৃংখলা পৰিস্থিতিৰ ওপৰত আলোচনা কৰে।
বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই এলানি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।
এতিয়াৰে পৰা এজাহাৰ দাখিলৰ ২৪ ঘণ্টাৰ ভিতৰতে আইনী প্ৰক্ৰিয়া আৰম্ভ হ’ব। বিচাৰ প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰি তুলিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰে।
পাছপৰ্টৰ ভেৰিফিকেচন এতিয়াৰে পৰা ৩০ দিনৰ ভিতৰত সম্পন্ন হ’ব। পূৰ্বৰ দৰে মাহ মাহ জুৰি জনসাধাৰণে অপেক্ষা কৰিব নালাগে বুলি মুখ্যমন্ত্ৰীজনে উল্লেখ কৰে। ইয়াৰ উপৰিও পষ্টমৰ্টেম ৰিপৰ্ট, এক্সিডেন্ট ৰিপৰ্ট সোনকালে প্ৰদান কৰাৰ ব্যৱস্থা কৰিব। তাৰ বাবে জনসাধাৰণ থানালৈ যোৱাৰ প্ৰয়োজন নাই।
ইয়াৰ উপৰিও আৰক্ষী বিভাগক শক্তিশালী কৰি তুলিবলৈ অহা সপ্তাহত ৬০০০ নতুন পদৰ বাবে আবেদন মুকলি কৰা হ’ব। আৰক্ষী বিভাগত খালী হৈ থকা এছ আই পদসমূহ শীঘ্ৰেই পূৰণ কৰা হ’ব বুলি ঘোষণা কৰে।
আনহাতে আৰক্ষী বিভাগৰ লোকসকলৰ সুবিধাৰ অৰ্থে ১০০০ নতুন কোৱাৰ্টাৰ নিৰ্মাণৰ সিদ্ধান্ত লয়। শীৰ্ষ স্থানীয় বিষয়াসকলৰ বাবে বিশেষ সুবিধা প্ৰদান কৰিব বুলিও ঘোষণা কৰে যাতে কৰ্তব্য পালনত সুবিধা হয়।
নতুন সিদ্ধান্তসমূহে আৰক্ষী বিভাগক শক্তিশালী কৰাৰ লগতে জনসাধাৰণ উপকৃত হ’ব বুলি আশা কৰা হৈছে।