ৰে’ল যাত্ৰীসকলৰ সুবিধাৰ্থে উত্তৰ-পূব সীমান্ত ৰে’লৱেই ডিব্ৰুগড় আৰু এছএমভিটি বেংগালুৰুৰ মাজত এক বিশেষ ৰে’ল সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ২ আগষ্টৰ পৰা ২৮ অক্টোবৰলৈ মুঠ ১৩ টা ভ্ৰমণৰ বাবে সাপ্তাহিক ভাৱে আগবঢ়োৱা হ’ব এই ৰে’ল সেৱা। তদুপৰি মুঠ ৭ টা ভ্ৰমণৰ বাবে ১৫আগষ্টৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে চেকেন্দ্ৰাবাদ আৰু আগৰতলাৰ মাজত সাপ্তাহিক ভাৱে সেৱা আগবঢ়োৱা হ’ব এখন বিশেষ ৰে’লৰ যোগেৰে । এই দুইখন ৰে’লে কিছু পৰিমাণে হ’লেও উজনি অসম, অৰুণাচল প্ৰদেশৰ কিছু অংশ, ত্ৰিপুৰা আৰু বৰাক উপত্যকাৰ লোকসকলৰ দেশৰ দক্ষিণ অংশলৈ কৰা ৰে’ল যাত্ৰাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব।
সেই অনুসৰি, ২ আগষ্টৰ পৰা ২৫ অক্টোবৰলৈ মুঠ ১৩ টা ভ্ৰমণৰ বাবে প্ৰতি মঙলবাৰে ৰে’ল নং ০২৯৮৬ ডিব্ৰুগড়- এছএমভিটি বেংগালুৰু সাপ্তাহিক বিশেষ ৰে’লৰ যোগে যাত্ৰীসকললৈ সেৱা আগবঢ়োৱা হ’ব ৷ উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ পৰা পুৱা ৭.৩০ বজাত ৰাওনা হোৱা এই বিশেষ ৰে’লখন বৃহস্পতিবাৰে সন্ধিয়া ৮.১৫ বজাত এছএমভিটি বেংগালুৰুত উপস্থিত হ’ব।
একেদৰে ০২৯৮৭ এছএমভিটি বেংগালুৰু-ডিব্ৰুগড় বিশেষ সেৱাৰ ৰে’লখনে ৫ আগষ্টৰ পৰা ২৮ অক্টোবৰলৈ মুঠ ১৩ টা ভ্ৰমণৰ বাবে প্ৰতি শুক্ৰবাৰে যাত্ৰা আৰম্ভ কৰিব ৷ এছ.এম.ভি.টি. বেংগালুৰুৰ পৰা ৰাতিপুৱা ১০.১৫ বজাত ৰে’লখনে ষ্টেশ্যন এৰিব আৰু দেওবাৰে নিশা ১১.৩০ বজাত ডিব্ৰুগড়ত উপস্থিত হ’ব। ৰে’লখনৰ যাত্ৰীসকলে ৩-টায়াৰ এচি, শ্লীপাৰ শ্ৰেণী আৰু সাধাৰণ দ্বিতীয় শ্ৰেণীৰ সুবিধাসমূহ লাভ কৰিব।
আনহাতে ০৭০৩০ চেকেন্দ্ৰাবাদ-আগৰতলা বিশেষ ৰে’লখনে মুঠ ৭ টা ভ্ৰমণৰ বাবে যাত্ৰা কৰিব যাৰ ফলত চেকেন্দ্ৰাবাদৰ পৰা ১৫,২২ আৰু ২৯ আগষ্ট আৰু ৫,১২,১৯ আৰু ২৬ ছেপ্টেম্বৰ তাৰিখে ৰাওনা হ’ব। ৰেলখন প্ৰতি সোমবাৰে ৪:৩৫ বজাত চেকেন্দ্ৰাবাদৰ পৰা ৰাওনা হ’ব আৰু বৃহস্পতিবাৰে ৩:০০ বজাত আগৰতলাত উপস্থিত হ’ব। আনহাতে ০৭০২৯ ৰে’লখনে আগৰতলাৰ পৰা ১৯ আৰু ২৬ আগষ্ট আৰু ২,৯,১৬,২৩ আৰু ৩০ ছেপ্টেম্বৰ তাৰিখে চেকেন্দ্ৰাবাদলৈ যাত্ৰা আৰম্ভ কৰিব। ৰে’লখনে প্ৰতি শুক্ৰবাৰে ৬:১০ বজাত আগৰতলাৰ পৰা ৰাওনা হৈ দেওবাৰে ৪:১৫ বজাত চেকেন্দ্ৰাবাদ ষ্টেশ্যনত উপস্থিত হ’ব।
জানিবপৰা মতে বিশেষ ৰে’লখনত থাকিব এটা এচি ২-টায়াৰ, পাঁচটা এচি ৩-টায়াৰ, দহটা শ্লীপাৰ শ্ৰেণী, দুটা সাধাৰণ দ্বিতীয় শ্ৰেণী আৰু দুটা এছএলআৰ ডবাকে ধৰি মুঠ ২০ টা ডবা ।