খেলি থকা অৱস্থাতে বুকুত বিষ অনুভৱ কৰি খেল পথাৰতে শুই পৰিছিল বাৰ্চিলোনাৰ ষ্ট্ৰাইকাৰ ছেৰ্গিঅ’ আগুৱেৰো৷ লগে লগে চিকিৎসালয়লৈ নি তেওঁৰ হৃদযন্ত্ৰৰ পৰীক্ষা কৰোৱা হয় ৷চিকিৎসকৰ মতে তিনিমাহ খেলপথাৰৰ বাহিৰত থাকিব লাগিব আৰ্জেণ্টিনাৰ তাৰকা খেলুৱৈগৰাকী৷
বাৰ্চিলোনাই এক বিবৃত্তি যোগে এই কথা সদৰী কৰে যে চিকিৎসকৰ পৰামৰ্শ অনুসৰি কিছুদিন বিশ্ৰাম কৰিব লাগিব আগুৱেৰোৱে৷ এই সময় ছোৱাত তেওঁ চিকিৎসকৰ নিৰীক্ষণত থাকিব আৰু তেওঁৰ শাৰীৰিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি হে পৰৱৰ্তী সময়ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব৷মানচেষ্টাৰ চিটিৰ পৰা বাৰ্চিলোণালৈ আৰ পিচত এতিয়ালৈকে পাঁচখন মেচ খেলিছে তাৰকা খেলুৱৈগৰাকীয়ে৷ শণিবাৰে লা-লীগাত আলাভেছৰ বিৰুদ্ধে খেলা মেচ খনত হঠাৎ তেওঁ অসুস্থ হৈ পৰিছিল৷
বিশ্ৰামত থাকিবলগীয়া হোৱাৰ বাবে চলিত মাহত উৰুগুৱে আৰু ব্ৰাজিলৰ বিৰুদ্ধে আৰ্জেণ্টিনাৰ বিশ্বকাপৰ যোগ্যতা অৰ্জনৰ মেচৰ পৰাও বিৰত থাকিব লাগিব বিশ্ব তাৰকা গৰাকী৷