বিমানসংস্থাৰ ভূলৰ বাবে বহু সময়ত যাত্ৰীৰ বেগ হেৰুওৱা ঘটনা নতুন নহয় ৷ কিন্তু হেৰওৱা বেগ ৪ বছৰ পাছত ওভতাই পোৱাটো নিশ্চয় আমোদনক ৷ এই ঘটনা সৎঘটিত হ’ল আমেৰিকাৰ বাসিন্দা এপ্ৰিল গেভিন নামৰ মহিলা গৰাকীৰ সৈতে ।শেহতীয়াকৈ এপ্ৰিলে নেটত নিজৰ অভিজ্ঞতাৰ কথা প্ৰকাশ কৰিছে । এপ্ৰিলৰ ঘৰ আমেৰিকাৰ অৰেগনত। ২০১৮ চনৰ ৪ আগষ্টত তেওঁ ইউনাইটেড এয়াৰলাইন্সৰ বিমানেৰে চিকাগোলৈ গৈছিল। তাৰ পিছত বিমান সংস্থাটোৱে তেওঁৰ বেগটো হেৰুৱাই পেলায়। তাৰ পিছৰ পৰাই তেওঁ বাৰে বাৰে এজেন্সীক নিজৰ বেগটো বিচাৰি উলিয়াবলৈ অনুৰোধ কৰি আহিছে ৷কিন্তু কেইবামাহো পাৰ হোৱাৰ পাছতো বিমান সংস্থাটোৱে কোনো উত্তৰ দিব নোৱাৰিলে। বাৰে বাৰে এপ্ৰিলৰ বেগটো ক’ত আছে নাজানে বুলি সৎস্থাটোৱে প্ৰকাশ কৰি আহিছে ।
তাৰ পিছত প্ৰায় ৪ বছৰ পাৰ হৈ গ’ল। এপ্ৰিলে বেগটো ঘূৰাই পোৱাৰ আশা এৰি দিছিল। কিন্তু কিছুদিন আগতে তেওঁক এয়াৰলাইনৰ টেক্সাছৰ কাৰ্যালয়ৰ পৰা ফোন কৰি বেগটো উদ্ধাৰ হোৱাৰ খবৰ দিয়ে । বেগটো দক্ষিণ আমেৰিকাৰ দেশ হণ্ডুৰাছলৈ প্ৰেৰণ কৰা হৈছিল বুলি উল্লেখ কৰে ৷ বেগটো হণ্ডুৰাছৰ পৰা টেক্সাছলৈ প্ৰেৰণ কৰা হয় । ইয়াৰ পিছত তেওঁক ঘূৰাই দিয়া হয় বেগটো । এপ্ৰিলে কয় যে তেওঁ কেৱল হেৰুৱা বেগটোৱেই নহয়, ক্ষতিপূৰণ হিচাপেও কিছু ধন লাভ কৰিছিল। প্ৰায় ১ লাখ ৩৮ হাজাৰ টকা ক্ষতিপূৰণ প্ৰদান কৰিছে বিমান সংস্থাটোৱে।