এটা বিশাল পৰীক্ষাগাৰ। য’ত আছে হাজাৰ হাজাৰ কাঁচৰ গোলকৰ দৰে কিছুমান যন্ত্ৰও । এই যন্ত্ৰসমূহৰ ভিতৰত সৃষ্টি কৰা হৈছে মানৱ সন্তান ৷য়েমেনৰ আণৱিক জৈৱ প্ৰযুক্তিবিদ হাচেম আল-গাইলীয়ে শীঘ্ৰে এনেধৰণে গৱেষণাগাৰতে সন্তান সৃষ্টি কৰিব পৰা দিন আহিব বুলি আগজাননী প্ৰকাশ কৰিছে ৷ শেহতীয়াকৈ হাচেমে এটা এনিমেটেড ভিডিঅ’ প্ৰকাশ কৰি দাবী কৰিছে যে অদূৰ ভৱিষ্যতে এনে এটা পৰীক্ষাগাৰ সৃষ্টি কৰাটো বৰ কঠিন নহ’ব। বিজ্ঞানীগৰাকীয়ে নিৰ্মাণ কৰা এই ভিডিঅ’টোৱে ইতিমধ্যে ছ’চিয়েল মিডিয়াত এক ধুমুহাৰ সৃষ্টি কৰিছে।
হাচেমে তেওঁৰ কল্পনাপ্ৰসূত পৰীক্ষাগাৰৰ নাম ৰাখিছে এক্ট’লাইফ। এই পৰীক্ষাগাৰত মুঠ ৭৫টা কোঠা থাকিব। প্ৰতিটো কোঠাত থাকিব ৪০০টা কৃত্ৰিম গৰ্ভ। অৰ্থাৎ পৰীক্ষাগাৰত একে সময়তে ৩ হাজাৰ সন্তান জন্ম দিয়া সম্ভৱ হ’ব। ভিডিঅ’টোত দেখা পোৱা কাঁচৰ গোলকৰ দৰে বস্তুবোৰ হৈছে কৃত্ৰিম গৰ্ভ । এই কৃত্ৰিম গৰ্ভত আইভিএফ পদ্ধতিত শুক্ৰাণু আৰু ডিম্বানুৰ সংযোগৰ দ্বাৰা ভ্ৰূণ সৃষ্টি হ’ব। তাৰ ভিতৰত সেই ভ্ৰূণটো বাঢ়িব। এই যন্ত্ৰটোত শিশুৰ ৰক্তচাপৰ পৰা আৰম্ভ কৰি হৃদস্পন্দনলৈকে সকলো জুখিব পৰা ব্যৱস্থা থাকিব ৷
বিজ্ঞানীগৰাকীৰ মতে, প্ৰতি বছৰে বিশ্বৰ লাখ লাখ মহিলাই সন্তান জন্ম দিওঁতে মৃত্যুমুখত পৰে। বিভিন্ন জটিলতাৰ বাবে বহু নৱজাতকৰ মৃত্যু হয়। এই নতুন পদ্ধতিয়ে সেই সমস্যা সম্পূৰ্ণৰূপে আঁতৰাই পেলাব। কেৱল সেয়াই নহয়, সন্তান জন্ম হোৱাৰ আগতেই পিতৃ-মাতৃয়ে কি কি গুণ সন্তানৰ গাত থকাটো বিচাৰে সেয়া নিৰ্ণয় কৰিব পৰা যাব । ছালৰ ৰং, উচ্চতা, শাৰীৰিক গঠন, মাতৰ সুৰ বা বুদ্ধিমত্তাৰ দৰে কাৰকসমূহ কৃত্ৰিম জিনীয় পৰিৱৰ্তনৰ জৰিয়তে নিৰ্ধাৰণ কৰাটো সম্ভৱ হ’ব৷ তদুপৰি বহু জিনীয় ৰোগ এনেদৰে নিৰ্মূল কৰিব পৰা যায় বুলি দাবী কৰিছে বিজ্ঞানীগৰাকীয়ে। ইয়াৰ উপৰিও বিভিন্ন শাৰীৰিক জটিলতাৰ বাবে সন্তান জন্ম দিব নোৱাৰা দম্পতীৰ বাবে এই ব্যৱস্থা অতি উপকাৰী হোৱাৰ সম্ভাৱনা আছে ৷
কিন্তু সমগ্ৰ বিষয়টো কল্পবিজ্ঞান অংশ যেন লাগে ৷ সঁচাকৈয়ে এয়া সম্ভৱনে? বিজ্ঞানীসকলে কয় যে সেয়া সম্ভৱ। প্ৰযুক্তিৰ সহায়ত এ্যা কৰাটো সম্ভৱ ৷সমস্যা কেৱল অনুমতি লাভৰ ক্ষেত্ৰতহে হ’ব পাৰে। এইদৰে সম্পূৰ্ণ কৃত্ৰিমভাৱে সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত বিভিন্ন নৈতিক জটিলতা দেখা যায়। জন্মৰ পূৰ্বে কোনো ব্যক্তিক গৱেষণাৰ বিষয় হিচাপে গঢ়ি তোলাত বিভিন্ন মহলে আপত্তি কৰি আহিছে ৷ বহুতে ভাবে যে প্ৰকৃতিক পৰিহাৰ কৰি মানুহৰ শৰীৰত জিনীয় পৰিৱৰ্তন বিৱৰ্তন এক বিপদজনক কাৰ্য্য হ’ব পাৰে। গতিকে বিষয়টো এতিয়াও বৈধ নহয়। কিন্তু আইনে অনুমতি দিলে এনে কৃত্ৰিম প্ৰজননৰ দিন আহিবলৈ বহু বেছি দিন নাই বুলি হাচেমে মত প্ৰকাশ কৰিছে ।