আফগানিস্তানৰ ৰাজধানী কাবুলত মার্কিন সেনাই আল কায়দাৰ নেতা আয়মান আল জাৱাহিৰীক হত্যা কৰাৰ পাছতে উগ্ৰবাদী সংগঠনটোক কোনে নেতৃত্ব দিব তাক লৈ বিভিন্ন চর্চা আৰম্ভ হৈছে ৷ ২০১১ চনত ওচামা বিন লাডেনক হত্যাৰ পাছত জাৱাহিৰীয়ে আল কায়দাক নেতৃত্ব দি আহিছিল ৷ জাৱাহিৰীৰ অনাকাংক্ষিত হত্যাকাণ্ডৰ লগে লগে সন্ত্ৰাসবাদী গোটটোৱে পৰৱর্তী উত্তৰাধিকাক লৈ সংকটৰ সন্মুখীন হৈছে।
ইয়াৰ মাজতে ছাইফ আল-আডেল হ’ব পাৰে জৱাহিৰীৰ উত্তৰাধিকাৰী । আমেৰিকাৰ চোৰাংচোৱা সংস্থাসমূহে জনোৱা মতে, ইজিপ্তৰ প্ৰাক্তন সেনা বিষয়া আডেল আল কায়দাৰ প্ৰতিষ্ঠাপক সদস্য ৷ তেওঁ ১৯৮০ চনত পূৰ্বসূৰী সন্ত্ৰাসবাদী সংগঠন মকতাব আল-খিদমতত যোগদান কৰিছিল। এই সময়ছোৱাত তেওঁ বিন লাডেন আৰু আয়মান আল-জাৱাহিৰীক লগ পায় আৰু তেওঁলোকৰ ইজিপ্তীয় ইছলামিক জেহাদ গোটত যোগদান কৰে। তেওঁ ১৯৮০ চনত আফগানিস্তানত ৰাছিয়ান বাহিনীৰ সৈতেও যুদ্ধ কৰিছিল।
ছাইফ আল আডেল এসময়ত ওছামা বিন লাডেনৰ নিৰাপত্তা মুৰব্বীও আছিল আৰু ২০০১ চনৰ পৰা এফ বি আইৰ ম’ষ্ট ৱাণ্টেডৰ তালিকাত আছে ৷তেওঁৰ বিষয়ে তথ্য দিব পাৰিলে ১ কোটি ডলাৰপুৰস্কাৰ প্ৰদানৰ কথা ঘোষণা কৰিছে মার্কিন চৰকাৰে ৷ কেইবাটাও সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিন লাডেনৰ মৃত্যুৰ পাছৰে পৰা আল-আডেলে এজন গুৰুত্বপূৰ্ণ কৌশলবিদ হিচাপে আত্মপ্ৰকাশ কৰিছে।