সমগ্ৰ বিশ্বৰ বাবে অভিশাপ হৈ আহিছিল ক’ভিড মহামাৰী ৷ ২০১৯ বর্ষৰ শেষভাগৰ পৰা চীনত প্ৰথমে সংক্ৰমন ঘটা ক’ভিডৰ বাবে স্তব্ধ হৈ পৰিছিল সমগ্ৰ বিশ্ব ৷ এখনৰ পাছত আন এখন দেশত দিয়া হৈছিল লকডাউন ৷ ক’ভিডৰ দ্ৰুত সংক্ৰমনৰ বাবে ৰোগীৰ বাবে হাস্পতালত অভাৱ ঘটিছিল বিছনাৰ ৷ কাঢ়ি লৈ গৈছিল বহুজনৰ জীৱন-জীৱিকা ৷ ইয়াৰ মাজতে ভাৰত চৰকাৰে দাবী কৰি আহিছে যে দেশখনত অতি পাৰদর্শিতাৰে নিয়ন্ত্ৰণ কৰা হৈছে ক’ভিড পৰিস্থিতি ৷ প্ৰকৃতার্থত কেন্দ্ৰীয় চৰকাৰে সচাকৈয়ে সফল নে ক’ভিডৰ বিৰুদ্ধে যুঁজত ? বিশ্ব স্বাস্থ্য সংস্থাৰ শেহতীয়া প্ৰতিবেদনে সন্দিহান কৰি তুলিছে ভাৰত চৰকাৰৰ দাবীক ৷ লগতে চর্চিত হৈছে কেইবাটাও প্ৰশ্নৰ ৷ ক’ভিডত মৃত্যু হোৱা লোকৰ তথ্য লুকুৱাইছে নেকি ভাৰতে ?
কিয়নো বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন অনুসৰি চৰকাৰৰ হিচাপতকৈ ১০ গুণ অধিক লোকৰ মৃত্যু হৈছিল ভৰতত ৷ বিগত প্ৰায় দুবছৰ ধৰি সংহাৰী ৰূপ লোৱা ভাৰতত চৰকাৰী হিচাপতকৈ অধিক লোকৰ মৃত্যু হোৱা বুলি সদৰী কৰিছে বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ হুৱে ৷ সংস্থাৰ প্ৰতিবেদন অনুসৰি ২০২০-২০২১ বর্ষত ভাৰতত মৃত্যু হৈছিল ৪৭.৪ লাখ লোকৰ ৷ ইয়াৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰৰ হিচাপ অনুসৰি ২০২১ চনৰ শেষলৈ দেশত ক’ভিডত মৃত্যু হৈছে মাত্ৰ ৪.৮১ লাখ লোকৰ ৷ অর্থাৎ ভাৰত চৰকাৰৰ হিচাপতকৈ ‘হু’ৰ মতে ভাৰতত ২০২০-২০২১ বর্ষত ১০ গুণ অধিক লোকৰ মৃত্যু হৈছে ৷ কেবল ‘হু’ৱে নহয়, ইয়াৰ পূর্বে বিশ্বৰ আগশাৰীৰ সংবাদ পত্ৰ ৱাশ্বিংটন পোষ্টেও সন্দেহ প্ৰকাশ কৰিছিল ভাৰতত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যাৰ ওপৰত ৷ কিছুদিন পূর্বে এক প্ৰতিবেদনত তেওঁলোকে প্ৰকাশ কৰিছিল যে ভাৰতত চৰকাৰী হিচাপতকৈ কেইবাগুণ অধিক লোকৰ মহামাৰীত মৃত্যু ঘটিছে ৷ যাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ ইপিনে, বৃহস্পতিবাৰে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ২০২০ চনতে ভাৰতত মৃত্যু হৈছে ৮.৩ লাখ লোকৰ ৷
উল্লেখ্য যে দুদিন পূর্বে কেন্দ্ৰীয় চৰকাৰে ২০২০ বর্ষৰ জন্ম আৰু মৃত্যুৰ বার্ষিক তথ্য মুকলি কৰিছিল ৷ এই তথ্য অনুসৰি ২০১৯ বর্ষৰ তুলনাত ভাৰতত ২০২০ বর্ষত ৪.৫ লাখ অধিক লোকৰ মৃত্যু হৈছে ৷ কেন্দ্ৰীয় চৰকাৰৰ এই তথ্যৰ পাছতে ‘হু’ৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ লগে লগে সমগ্ৰ বিষয়টোক ৰহস্যৰ মাজলৈ ঠেলি দিছে ৷
কেবল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে অধিক লোকৰ মৃত্যুৰ আশংকা প্ৰকাশ কৰিছে ‘হু’ৱে ৷ সংস্থাৰ মতে বিশ্বজুৰি ক’ভিডত মৃত্যু হৈছে ১৫ নিযুত লোকৰ ৷ ৷ ইয়াৰ বিপৰীতে দেশসমূহে প্ৰকাশ কৰা তথ্য অনুসৰি বিশ্বত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা মাত্ৰ ৬ নিযুত ৷ অর্থৎ বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি সমগ্ৰ বিশ্বতে প্ৰকৃত হিচাপতকৈ দুগুণ লোকৰ মৃত্যু ঘটিছে ৷ ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা গণনাৰ বাবে এটা বিশেষ পদ্ধতি অৱলম্বন কৰি আহিছে বিশ্ব স্বাস্থ্য সংস্থাই ৷ এটা বর্ষত মৃত্যু হোৱা লোকৰ সংখ্যা আৰু মহামাৰী নহ’লে সেই একেটা বর্ষত সাম্ভাৱ্য মৃত্যুৰ সংখ্যাৰ ওপৰত নির্ভৰ কৰি এই তথ্য প্ৰকাশ কৰি আহিছে সংস্থটোৱে ৷
অৱশ্যে বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্যক নাকচ কৰিছে ভাৰত চৰকাৰে ৷ ‘হু’ৰ তথ্যক ভূল আখ্যা দিছে কেন্দ্ৰীয় চৰকাৰে ৷ বিশ্ব স্বাস্থ্য সংস্থাই এই তথ্য প্ৰকাশ কৰাৰ পাছতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এক বিবৃতিৰ জৰিয়তে এই তথ্য নাকচ কৰিছে ৷ এক বিবৃতিত মন্ত্ৰালয়ে কয় যে ক’ভিডৰ মৃত্যুৰ সংখ্যা গণনাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই গ্ৰহন কৰা আর্হি মানি ল’ব পৰা নাযায় ৷ অৱশ্যে কোন সঁচা, কোন মিছা সেয়া সময়ে ক’ব ৷ ভাৰত চৰকাৰে ক’ভিডত হোৱা মৃত্যুৰ প্ৰকৃত সংখ্যা প্ৰকাশ কৰিছে নে , মৃত্যুৰ তথ্য লুকুৱাই ক’ভিড নিয়ন্ত্ৰনৰ ক্ষেত্ৰত সফলতা প্ৰদর্শন কৰিব বিচাৰিছে সেয়া বিতর্কৰ বিষয় ৷ কিন্তু ক’ভিড মহামাৰীয়ে বহুজনৰ আপোনজনক কাঢ়ি নি তেওঁলোকৰ জীৱনলৈ যে অমানিশা কঢ়িয়াই আনিছিল সেয়া আজিৰ বাস্তৱ সত্য ৷