৫ আগষ্টত মুক্তি লাভ কৰিব দক্ষিণৰ ছবিজগতৰ আন এখন ছবি ডালকুৱেৰ চলমানৰ ‘সীতা ৰামামে’ । সকলোকে আশ্চৰ্যচকিত কৰি ছবিখনৰ মুক্তিৰ দুদিন আগতেই নিৰ্মাতাসকলে লাভ কৰিলে এক সুখবৰ ৷
এছ.এছ. ৰাজামৌলীৰ আৰ.আৰ.আৰ.ৰ হিন্দী সংস্কৰণৰ প্ৰযোজক পি.ই.এন. ষ্টুডিঅ’ই ক্ৰয় কৰিলে ‘সীতা ৰামাম’ৰ হিন্দী সংস্কৰণৰ নাট্য আৰু ডিজিটেল অধিকাৰ । তেওঁলোকে ছবিখনৰ এটা বিশেষ স্ক্ৰীণিং চোৱাৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰে।
অহা ৫ আগষ্টত মুক্তি লাভ কৰিব ছবিখনৰ তেলেগু, তামিল আৰু মালায়ালম সংস্কৰণেও । অৱশ্যে ‘সীতা ৰামাম’ৰ হিন্দী সংস্কৰণটোৱে কিছুদিনৰ পিছতহে মুক্তি লাভ কৰিব।
ইতিমধ্যে পিইএন ষ্টুডিঅ’ই চলচ্চিত্ৰখনৰ হিন্দী সংস্কৰণৰ বাবে এক বৃহৎ মুক্তি আৰু প্ৰচাৰ অভিযানৰ পৰিকল্পনা কৰিছে। ইফালে মুক্তিৰ পূৰ্বৰ পৰা আৰম্ভ কৰি আগতীয়া বুকিঙলৈকে দক্ষিণৰ চিনেমাখন বৰ্তমানলৈকে সফলতাৰে আগবাঢ়িছে ৷ অধীৰ আগ্ৰহেৰে ছবোখনৰ মুক্তিৰ বাবে অপেক্ষা কৰিছে এতিয়া চলচ্ছিত্ৰ প্ৰেমী দৰ্শকে ৷