কাটাৰত অনুষ্ঠিত বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে ব্ৰাজিল। সোমবাৰে নিশা দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে নেইমাৰে ৪টা গ’ল দি দলটোক কোৱার্টাৰ চফাইনেললৈ আগুৱাই লৈ যায় । ৯৭৪ নং ষ্টেডিয়ামত সেই জয়ৰ পিছত ব্ৰাজিলৰ ফুটবলাৰসকলে কিংবদন্তী ফুটবলাৰ পেলেৰ ছবি আৰু নাম লিখা বেনাৰ লৈ খেলপথাৰত থিয় হয় ৷
উল্লেখ্য যে ৮২ বছৰীয়া পেলেক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কেমোথেৰাপিয়ে কাম কৰা নাই। কেইবাদিনো ধৰি তেওঁৰ শাৰীৰিক অৱস্থাৰ বিভিন্ন খবৰ চৰ্চালৈ আহিছে। যদিও পেলে নিজেই কৈছিল যে তেওঁ হস্পিতালৰ পৰাই খেল চাব। যেনেকৈ পেলেই নেইমাৰক পাহৰা নাছিল। নেইমাৰেও পেলেৰ কথা পাহৰা নাছিল। সোমবাৰে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে ৪-১ গ’লত জয়লাভ কৰাৰ সময়ত তেওঁলোকে পেলেৰ ফটো আৰু নাম লিখা বেনাৰ লৈ বিশ্ববিখ্যাত ফুটবলাৰ গৰাকীৰ আশু আৰোগ্য কামণা কৰে ৷ গেলেৰীতো পেলেৰ পোষ্টাৰ আৰু বেনাৰ লগোৱা হৈছিল ৷পেলেৰ মংগল কামনা কৰা এই বেনাৰ লগোৱা হৈছিল ৷
সোমবাৰে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে ব্ৰাজিলৰ প্ৰি কোৱাৰ্টাৰ ফাইনেল খেলৰ পূৰ্বে পেলেই টুইট কৰি শুভেচ্ছা জ্ঞাপন কৰে । ১৯৫৮ চনৰ বিশ্বকাপৰ এখন ফটো সংলগ্ন কৰা হৈছে টুইটোত । তেওঁ নিজৰ সতীৰ্থৰ সৈতে ৰাস্তাত খোজ কাঢ়ি থকা এখন ফটো আপলোড কৰিছে টুইটাৰত ৷ ফটোখনৰ তলত পেলেই লিখিছে, “১৯৫৮ চনত মই ৰাস্তাৰে খোজ কাঢ়ি গৈ আছিলো আৰু মই ভবিছিলো মোৰ দেউতাক দিয়া প্ৰতিশ্ৰুতি কেনেকৈ পালন কৰিম। মই জানো তোমালোকৰ বহুতেই পিতৃৰ আগত দিয়া প্ৰতিশ্ৰুতি ৰখাৰ কথা ভাবিছা ৷ সেই কথা ৰাখিবলৈ চেষ্টা কৰা ৷মই হস্পিতালত শুই তোমালোকৰ বাবে চিঞৰিম । শুভেচ্ছা.”
ছাও পাওলোৰ এলবাৰ্ট আইনষ্টাইন হাস্পতালত পেলেৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে। হাওঁফাওঁৰ সংক্ৰমণৰ চিকিৎসাৰ প্ৰতি সঁহাৰি জনাইছে ৮২ বছৰীয়া ফুটবলাৰগৰাকীয়ে। যোৱা ২৪ ঘন্টাত পেলেৰ শাৰীৰিক অৱস্থাৰ পুনৰ অৱনতি ঘটা নাই।