এছ এছ ৰাজামৌলি ছবি মানেই সকলোৰে বাবে আকর্ষণ ৷ ইতিমধ্যে বাহুবলী ছিৰিজৰ জৰিয়তে নিজকে প্ৰমাণ কৰি দেখুৱাইছে এছ এছ ৰাজামৌলিয়ে। ৰামচৰণ আৰু জুনিয়ৰ এন টি আৰৰ সৈতে ‘আৰ আৰ আৰ’ৰ দৰে ছবিয়ে ৰাজামৌলিৰ পৰা দৰ্শকৰ আশা বহুগুণে বৃদ্ধি কৰিছে। গতিকে এইবাৰ পৰিচালকে আন এক ডাঙৰ চমক দিবলৈ সাজু হৈছে ৷
চর্চা অনুসৰি পৰৱৰ্তী ছবিখনে তেওঁ এতিয়ালৈকে নিৰ্মাণ কৰা সকলো ছবিকে অতিক্ৰম কৰিব। কেবল বাজেটৰ চমকেই নহয়, চিত্ৰনাট্যও হ’ব পৃথক ৷ কিন্তু আটাইতকৈ উংকণ্ঠাৰ বিষয়টো হৈছে নায়কৰ বাছনি। কোন হ’ব ৰাজামৌলিৰ পৰৱর্তী ছবিৰ নায়ক ৷ চর্চা অনুসৰি মহেশ বাবুক এইবাৰ ৰজামৌলিৰ ছবিৰ পৰ্দাত দেখা পোৱাৰ সম্ভাৱনা আছে ৷
হলিউডৰ এটা ডাঙৰ প্ৰডাকচন হাউছ তেওঁলোকৰ অ’টিটি আৰু ভিএফএক্স ব্যৱস্থাৰ সৈতে ছবিখনৰ সৈতে জড়িত হ’ব। ইয়াৰ বাহিৰেও ৰজামৌলি নিজেই প্ৰযোজক হিচাপে অংশীদাৰ হ’ব বুলি জনা গৈছে । ছবিখনৰ লাভো ভাগ কৰা হ’ব।
অৱশ্যে মহেশ বাবুৱে তেওঁৰ পাৰিশ্ৰমিকৰ পৰিমাণ হ্ৰাস কৰিছে। কিন্তু তেওঁ ছবিখন যিমানেই লাভজনক হ’ব সিমানেই ধন আদায় ল’ব বুলি দাবী কৰিছে ৷ কিন্তু হলিউডৰ প্ৰডাকচন কোম্পানী জড়িত হ’লে এনে নিয়ম প্ৰযোজ্য হ’ব নে নহয় সেই লৈ সন্দেহৰ সৃষ্টি হৈছে।
শেহতীয়াকৈ পিতৃৰ মৃত্যুৰ পিছত হতাশ হৈ পৰিছিল মহেশ বাবু। শেহতীয়াকৈ তেওঁৰ পিতৃ ছুপাৰষ্টাৰ কৃষ্ণৰ মৃত্যু তেওঁৰ বাবে এক দাঙৰ আঘাত ৷ ইয়াৰ মাজতে তেওঁ পুনৰ কামলৈ ঘূৰি আহিছে । ইতিমধ্যে ছ’চিয়েল মিডিয়াত তেওঁৰ নতুন ৰূপটো শ্বেয়াৰ কৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি এছ এছ ৰাজামৌলিক বিচাৰিছে মাৰ্ভেল কোম্পানীৰ মালিক কেভিন ফেইগে। ‘আৰ আৰ আৰ’ৰ পৰিচালকজনক তেওঁ ছবি নির্মাণৰ প্ৰতিশ্ৰুতি দিছে ৷ দক্ষিণৰ পৰিচালকজনে কি কৰিব? শেহতীয়াকৈ তেওঁ এই বিষয়েও প্ৰকাশ কৰিছে ৷ এক সাক্ষাৎকাৰত তেওঁ কয়, ‘মই হলিউডৰ পৰা বহুত অফাৰ পাইছো। কিন্তু বৰ্তমান মোৰ মহেশ বাবুৰ লগত কামৰ চুক্তি আছে। তেওঁ এজন ডাঙৰ তেলেগু তাৰকা। প্ৰথমে তেওঁৰ লগত ছবিখন শেষ কৰোঁ, তাৰ পিছত আন কথা।”