কাটাৰ বিশ্বকাপ ফুটবলত কালি আন এক অঘটন সংঘটিত হ’ল ৷ ২০১০ চনত খিতাপ জয়ী স্পেইনক পৰাস্ত কৰি কোর্ৱর্টাৰ ফাইনেললৈ অগ্ৰগতি লাভ কৰিলে মৰক্কোৱে ৷ মেচখনত কোনো গ’ল নোহোৱাত টাইব্ৰেকাৰৰ জৰিয়তে জয়লাভ কৰে মৰক্কোৱে ৷ স্পেইনৰ গ’ল ৰক্ষা কৰি কালি মৰক্কোক জয়ৰ মুখ দেখুৱাই একপ্ৰকাৰ নায়ক হৈ পৰিছে গ’লৰক্ষক ইয়াছিন বোনো ৷ কিন্তু আপুনি জানি আচৰিত হ’ব যে দীৰ্ঘদিন ধৰি স্পেইনত ক্লাব ফুটবল খেলি আহিছে বোনোৱে । বৰ্তমান স্পেইন দলত খেলা বেছিভাগ ফুটবলাৰ তেওঁৰ বাবে সুপৰিচিত। ২০১০ চনত ট্ৰফী লাভ কৰা স্পেইনে সেই ইয়াচিন বোনোৰ বাবেই বিশ্বকাপৰ পৰা বিদায় ল’বলগীয়া হ’ল স্পেইন ৷
পেনাল্টি ৰক্ষাৰ বাবে এইটো প্ৰথম নহয়, মৰক্কোৰ গ’লৰক্ষক জনৰ দীৰ্ঘদিন ধৰি সুনাম আছে। ফুটবল কেৰিয়াৰত এই পৰ্যন্ত ৫০টা পেনাল্টিৰ তেওঁ সন্মুখীন হৈছে। ইয়াৰে ১৩ টা গ’লেই তেওঁ ৰক্ষা কৰিবলৈ সক্ষম হৈছে ৷ । অৰ্থাৎ ২৬ শতাংশ পেনাল্টি তেওঁ ৰক্ষা কৰিছে। মঙলবাৰে স্পেইনৰ বিখ্যাত তাৰকাসকলে পেনাল্টি ল’বলৈ আহিছিল যদিও তেওঁ নিৰ্ভীক, আত্মবিশ্বাসী আছিল। দিনটোৰ শেষত স্পেইন তেওঁৰ দক্ষতাৰ বাবেই পৰাজিত হ’ল৷
যদিও মৰক্কোৰ হৈ তেওঁ খেলিছে , বোনোৰ জন্ম হৈছিল কানাডাৰ মণ্ট্ৰিয়েলত। অতি সৰুতে তেওঁৰ পৰিয়াল মৰক্কোলৈ গুচি যায়। বনোৱে ৱাইডাড কাছাব্লাংকাৰ হৈ যুৱ ফুটবল খেলিবলৈ আৰম্ভ কৰে। ২০১১ চনত ছিনিয়ৰ দলত অভিষেক ঘটায়। ইয়াৰ এবছৰ আগতে তেওঁৰ ক্লাবে প্ৰথম বিভাগত খেলাৰ সুযোগ পাইছিল। কাছাব্লাংকাত এবছৰ কটোৱাৰ পিছত ব’নোৱে ভূমধ্যসাগৰ পাৰ হৈ স্পেইনলৈ যায়। এটলেটিকো মাদ্ৰিদত যোগদান কৰে। প্ৰথমে তেওঁ ৰিজাৰ্ভ দলত আছিল। ইয়াৰ পিছত মূল দলৰ তৃতীয় গ’লৰক্ষক হিচাপে স্থান লাভ কৰে। তেওঁ এটলেটিকোৰ সৈতে চাৰি বছৰৰ বাবে চুক্তিবদ্ধ হয়।
২০১৪ চনত দুজন গ’লৰক্ষক থিবাউট ক’ৰ্টোৱা আৰু ডেনিয়েল আৰাঞ্জুবিয়াই এটলেটিকো এৰি থৈ যায়। সেই বছৰৰ ২৪ জুলাইত ব’নোৱে এটলেটিকোৰ প্ৰথম গ’লৰক্ষক হিচাপে অভিষেক ঘটায়। প্ৰি-ছিজন প্ৰীতি মেচত এটলেটিকোৱে ১-০ গ’লত জয়লাভ কৰে। ছেপ্টেম্বৰ মাহত ব’নোক লা লিগাৰ আন এটা ক্লাব ৰিয়েল জাৰাগোজালৈ ঋণত প্ৰেৰণ কৰা হৈছিল। তাতো তেওঁ প্ৰথম গ’লৰক্ষক হিচাপে আৰম্ভণি কৰাৰ সুযোগ নাপালে। ২০১৫ চনৰ জানুৱাৰী মাহত অৱশেষত তেওঁ অভিষেক ঘটায়। সেই ছিজনত তেওঁ ১৬খন মেচ খেলিছিল।
২০১৬ চনত ব’নোৱে জিৰোনাত যোগদান কৰে। চাৰি বছৰত তেওঁ দলৰ হৈ ৮৩খন খেল খেলিছিল। জিৰোনাৰ হৈ খেলি থকাৰ সময়তে বনো ভাৰতলৈ আহিছিল। ২০১৯ চনত কেৰালাৰ কোচিত লা লিগা ৱৰ্ল্ড ছিৰিজৰ আয়োজন কৰা হৈছিল। তাত বনোৱে মেলবৰ্ণ চিটিৰ বিৰুদ্ধে জিৰোনাৰ হৈ খেলিছিল।
কানাডা বা মৰক্কোৰ হৈ খেলাৰ অধিকাৰ আছিল বনোৰ। তেওঁ মৰক্কোক বাছি লৈছিল। ২০১২ চনৰ অলিম্পিকত মৰক্কোৰ ২৩ বছৰ অনুৰ্ধ দলত তেওঁ অন্তভুর্ক্ত হৈছিল । যোৱা বছৰ ৰাছিয়াত অনুষ্ঠিত বিশ্বকাপত মৰক্কোৰ দলত আছিল ব’নো। কিন্তু খেলাৰ সুযোগ তেওঁ সুযোগ পোৱা নাছিল ৷