‘আজি হাত ভাঙে, কালি ভৰিখন ভাঙে! কি যে কৰো বুজিয়েই পোৱা নাই। মগজুতো যে ঠিকে আছে সেয়াই যথেষ্ট ৷” এই মন্তব্য প্ৰবীন অভিনেত্ৰী জয়া বচ্চনৰ ৷ এই কথাষাৰ কাক উদ্দ্যেশি কৰি কৈছে আপুনি জানেনে ?আপুনি ভবাৰ দৰেই স্বামী তথা মেগাষ্টাৰ অমিতাভ বচ্চনক লক্ষ্য কৰি এই কথাষাৰ কৈছে জয়া বচ্চনে ৷ কলকাতাৰ নেতাজী ইনড’ৰ ষ্টেডিয়ামত কোলকাতা ছবি মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰি জয়া বচ্চনে কোৱা এই কথাষাৰিয়ে উপস্থিত সকলোকে হাঁহিৰ খোৰাক যোগায় ৷ সেই সময়ত অমিতাভ বচ্চন ৰাজ্যপালৰ কাষৰ আসনত বহি হাঁহি হাঁহি পত্নীৰ কথা শুনি আছিল । তেওঁক সংগ দিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ।
বৃহস্পতিবাৰে নেতাজী ইনড’ৰ ষ্টেডিয়ামত ২৮ সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ উদ্বোধন কৰা হয়। শ্বাহৰুখ খান, ৰাণী মুখাৰ্জী, কুমাৰ ছানু, অৰিজিত সিং, শত্ৰুঘন সিনহা, মহেশ ভাট আৰু অৱশ্যেই অমিতাভ বচ্চনৰ লগতে জয়া বচ্চনে মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায় উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷
এই অনুষ্ঠানত দিয়া ভাষণত অমিতাভ বচ্চনে চিনেমাৰ ইতিহাস, বাক স্বাধীনতাত হস্তক্ষেপ আৰু অন্যান্য বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে প্ৰথম কামৰ বাবে চহৰখনক ধন্যবাদ জনায়। সদায়ৰ দৰেই অমিতাভৰ ভাষণ আছিল আটাইতকৈ দীঘলীয়া। আন সময়ৰ দৰে তেওঁ ভাৰতীয় চিনেমাৰ ইতিহাসৰ বিভিন্ন তথ্যৰ ওপৰত তথ্যসমৃদ্ধ ভাষণ প্ৰদান কৰে ৷