Assam is land full of lovely senary. সঁচাকৈয়ে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ অসম সৃষ্টি কৰ্তাৰ অপূৰ্ব দান। প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য সম্ভাৰে আবেগ -অনুভূতিৰ সৃষ্টি কৰে প্ৰতিজনৰ হৃদয়ত। প্ৰকৃতিৰ কোলাত থকা অজস্ৰ মনোমুগ্ধকৰ পৰিবেশে প্ৰকৃতি প্ৰেমিকক হাত বাউল দি মাতি আছে অতীজৰে পৰা। শাৰী শাৰী সেউজীয়া পাহাৰৰ মাজে মাজে স্বচ্ছ নিৰ্মল জলৰাশিৰে অকাই পকাই যোৱা নদী বোৰৰ মাজত মায়াময় নান্দনিক সৌন্দৰ্যই উন্মনা কৰে প্ৰতিজন পৰ্যটকক।
শীতকাল মানেই যেন বনভোজৰ সময়। ডিচেম্বৰ মাহ পৰিলেই প্ৰতিজনৰে হৃদয়ত জাগি উঠে বনভোজৰ বাসনা। প্ৰাকৃতিক সৌন্দৰ্যৰে বিতোপন , নিজৰাৰ কুলু ধ্বনিৰ লগতে শীতল স্পৰ্শ অনুভৱ কৰিবলৈ যাওঁ আহক প্ৰকৃতিৰ ৰাণী — ‘ৰাণী খামাৰলৈ’।
ৰূপে বিনন্দীয়া অসমী আইৰ এটি মোহনীয় অংগ বৰদুৱাৰৰ ৰাজাপাৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৰাণী খামাৰ অঞ্চল। চানডুবিৰ পৰ্যতন ক্ষেত্ৰৰ পৰা সাত কিলোমিটাৰ নিলগত দক্ষিণ দিশত অৱস্থিত অসম মেঘালয় সীমান্তবৰ্তী ৰাণী খামাৰ গাওঁ। ৰাজাপাৰা তিনিআলিৰ পৰা দক্ষিণ দিশলৈ পাহাৰীয়া আৰু সমতল ভূমিৰে অকোৱা পকোৱা মেঘালয় সীমান্তলৈ গতি কৰা মনোৰম পথটোৰে গ’লে ৰাণী খামাৰ পোৱা যায়। সন্মুখত কুলশী নদীৰ ৰূপৰ সমাহাৰ। ইটো পাৰে ৰাণী খামাৰ গাওঁ খনক ধাৰন কৰা পূবমায়ং পাহাৰ আৰু সিটো পাৰে পাল্টান মৌজাৰ গোঁহাই পাহাৰ। শীতৰ সময়ত শীতৰ কুঁৱলি ফালি চিৰ প্ৰবাহমান হৈ আছে কুলশী নদী। কুলশী নদীৰ বুকুত নাৱেৰে নাৱঁৰীয়া সকলে নাওঁ বাই অহা-যোৱা কৰাৰ দৃশ্য যেন নিপুণ চিত্ৰকৰৰ তুলিকাত জীৱন্ত হৈ উঠা নয়নাভিৰাম সৌন্দৰ্য উপভোগ কৰিবলৈ পৰ্যটকৰ ভিৰ হয় সৌন্দৰ্যৰ ৰাণী ‘ৰাণী খামাৰত’। গাওঁ খনৰ শেষ প্ৰান্তত থকা নিজৰাটিৰ কুলু কুলু ধ্বনিত উন্মনা হয় প্ৰতিজন প্ৰকৃতি প্ৰেমিক।
প্ৰকৃতিৰ সোন্দৰ্যৰ অফুৰন্ত দান ৰাণী খামাৰৰ ‘কাফানদঙা’ জলপ্ৰপাত। গাৰো ভাষাৰ শব্দ ‘কাথাদোঙা’ , অৰ্থাৎ পাতিব লগা কথা -বতৰা। হয়তো কাথাদোঙাই মুখ বাগৰি আহি বৰ্তমানৰ ‘কাফানদঙা হিচাপে পৰিচিত হ’ল। বনভোজ স্থলীৰ নদীৰ ঘাটৰ পৰা ১৫/২০ মিনিট সময় নাৱেঁৰে উজাই আহি কিছু পাহাৰীয়া পথেৰে খোজকাঢ়ি গ’লে দেখিবলৈ পোৱা যায় কাফানদঙা জলপ্ৰপাত। পাহাৰৰ শিলাস্তম্ভৰ বুকু ফাটি তললৈ বৈ আহিছে কাফানদঙা। নিৰ্মল জল ৰাশিৰে ধুই দিয়া শিলবোৰ মুকুতা মনি হৈ জিলিকি আছে কোনোবা ৰাজ কন্যা বা জল কুঁৱৰীৰ আগমনৰ অপেক্ষাত।
কাফানদঙা এটি জলধাৰা বা নহয় মাথো এটি জলপ্ৰপাত। পাহাৰীয়া নদীৰ ৰূপ ধাৰন কৰি কাফানদোঙাই পূৰ্ণ যৌবনা নাৰীৰ দৰে নাচি বাগি চঞ্চলা হৈ কুলশী নদীৰ বুকুত আত্মসমৰ্পণ কৰিছে। কাফানদঙা ৰাণী খামাৰৰ অকল সুন্দৰতাৰ প্ৰতীকেই নহয় কাফানদঙা ৰাণী খামাৰৰ স্বাভিমান।
কিংবদন্তী অনুসৰি আৰু ৰাণী খামাৰ গাৱঁৰ বয়োজ্যেষ্ঠ ব্যক্তিৰ মতে , সৰগৰ ১২ গৰাকী অপেশ্বৰীয়ে বছৰৰ বিশেষ একোটি তিথিত সিহঁতৰ ৰাণীৰ সৈতে আহি কাফানদঙা জলপ্ৰপাতত জলকেলি কৰিছিল আৰু পাছৰাণী পাহাৰত জিৰণী লৈছিল।
বৰদুৱাৰৰ ৰজাৰ কেইবা গৰাকীও ৰাণী আছিল বুলি আন এক কিংবদন্তী মতে জনা যায়। ৰজাই ৰাণী সকলক বিভিন্ন স্থানত মাটি-বাৰী ,ঘৰ-দুৱাৰ সাজি দি সংস্থাপন কৰিছিল আৰু তেনেদৰে ৰাণী সকলক সংস্থাপিত কৰা অঞ্চল সমূহৰ নাম আজিও জন সমাজত ৰাণী সকলৰ স্মৃতি ধ্বজা বহন কৰি আহিছে। ৰাণী খামাৰত খাচীয়া ৰজাৰ প্ৰধান বা পাটৰাণীৰ কৃষিপাম বা খামাৰ আছিল। সেইকাৰণে তেতিয়াৰ বাসিন্দা সকলে সেই ঠাই খণ্ডক ৰাণীৰ খামাৰ বুলি কৈছিল আৰু পৰৱৰ্তী কালত সেই গাওঁ খনৰ নাম ৰাণী খামাৰ হয় বুলি জানিব পৰা যায়।
ৰাণী খামাৰ অসম-মেঘালয় সীমান্তৰ এখন পাহাৰীয়া গাওঁ আৰু প্ৰকৃতিৰ অনুপম সৃষ্টি ৰাণী খামাৰ। অতীতৰ অলেখ স্মৃতি আৰু গৌৰৱজ্বল ইতিহাসৰ কাহিনী লৈ গোঁহাই পাহাৰ , পাছৰাণী পাহাৰ , পূৱ মায়ং পাহাৰ আৰু কুলশী নৈৰ সতে কাফানদঙাই সৃষ্টি কৰ্তাৰ অপূৰ্ব সৃষ্টিৰ মহিমাৰে মহিমামণ্ডিত হৈ পৰ্যাটকৰ আকষৰ্ণৰ কেন্দ্ৰ হৈ জিলিকি আছে সগৌৰৱেৰে। বনভোজ খোৱাৰ চলেৰে আমিও উপভোগ কৰিব পাৰো প্ৰকৃতিৰ অনুপম সৃষ্টি ৰাণী খামাৰৰ সুন্দৰতাক।