সমাগত ত্ৰিপুৰাৰ বিধানসভা নির্বাচন ৷ ৰাজনৈতিক দলসমূহে ইতিমধ্যে ৰাজ্যখনত আৰম্ভ কৰিছে নির্বাচনী প্ৰচাৰ ৷ তৃণমূল কংগ্ৰেছে পশ্চিম বংগৰ ‘মডেল’ক সন্মুখত ৰাখি ত্ৰিপুৰাত প্ৰকাশ কৰিছে ইস্তাহাৰ। আজি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে ত্ৰিপুৰাত উপস্থিত হ’ব ৷ উত্তৰ-পূবৰ ৰাজ্যখনত বেনার্জীয়ে ভৰি দিয়াৰ আগদিনা তৃণমূলে ত্ৰিপুৰাত দলৰ নিৰ্বাচনী ইস্তাহাৰ ঘোষণা কৰে ৷ য’ত পশ্চিমবংগ নির্বাচনৰ পূর্বে দিয়া কেইবাটাও প্ৰতিশ্ৰুতি সন্নিৱিষ্ট কৰা হৈছে ৷ চাকৰি হেৰুওৱা ১০ হাজাৰ ৩২৩ গৰাকী শিক্ষকক আৰ্থিক সাহায্য প্ৰদান, জ্যেষ্ঠ নাগৰিকক ২০০০ টকা প্ৰদান কৰাকে ধৰি কেইবাটাও প্ৰতিশ্ৰুতি সন্নিৱিষ্ট কৰা হৈছে ৷ ইস্তাহাৰ প্ৰকাশ কৰাৰ সময়ত বংগৰ শিক্ষামন্ত্ৰী ব্ৰত্য বসুৱে কয়-“ বাংলাৰ আৰ্হি সফল হৈছে। সুযোগ পালে আমি ত্ৰিপুৰাতো কাম কৰিম।“
আজি মমতা বেনার্জীয়ে উদয়পুৰলৈ গৈ ত্ৰিপুৰেশ্বৰী মন্দিৰত পূজা আবঢ়াব ৷ মঙলবাৰে তেওঁ আগৰতলাত ৰোড-শ্ব’ কৰিব ৷ ৰবীন্দ্ৰ শতবাৰ্ষিকী বিল্ডিঙৰ সন্মুখৰ পৰা আৰম্ভ কৰি চহৰৰ মাজেৰে ৰোড শ্ব’ কৰি নির্বাচনী সভাত অংশ ল’ব । তৃণমূলে মমতাৰ কাৰ্যসূচীৰ বাবে সকলো প্ৰস্তুতি চলাইছে। ইয়াৰ পূৰ্বে দেওবাৰে আগৰতলাত অনুষ্ঠিত হোৱা ইস্তাহাৰ মুকলি অনুষ্ঠানত বংগৰ দুই মন্ত্ৰী শশী পাঞ্জা, সাংসদ সুশমিতা দেৱ উপস্থিত থাকে । তেওঁৰ উপৰিও ইস্তাহাৰ প্ৰকাশৰ সময়ত তৃণমূলৰ ত্ৰিপুৰাৰ ৰাজ্যিক সভাপতি পীযুষ বিশ্বাসও উপস্থিত থাকে ৷
সাংসদ সুস্মিতা দেৱৰ মতে, ‘ত্ৰিপুৰা বিধানসভা নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ। কাৰণ, ২০১৮ চনৰ নিৰ্বাচনত দিয়া ‘ভিজন ডকুমেণ্ট’ অনুসৰি বিজেপিয়ে কাম কৰা নাই।‘ সুস্মিতাৰ দাবী যে জ্যেষ্ঠ নাগৰিকৰ পেঞ্চন চৰকাৰে অনুমোদন দিলেও বহু ক্ষেত্ৰত ই নাগৰিকসকলে লাভ কৰা নাই ৷ তৃণমূলে তেওঁলোকক মাহে দুহাজাৰ টকা দিব। উত্তৰ ত্ৰিপুৰাত এটা সুকীয়া সচিবালয় গঠন কৰা হ’ব।