ফ্ৰান্স কাপৰ অন্তিম ষোল্লৰ পৰা বাহিৰ হৈছে পেৰিছ চেণ্ট জাৰ্মেইন চমুকৈ পিএছজি ক্লাৱ । লিয়নেল মেছি, নেইমাৰৰ দৰে তাৰকা থকা ক্লাবটোৱে পুনৰ আগুৱাই যোৱাত ব্যর্থ হ’ল ৷ বুধবাৰে নিশা মাৰ্চেইলৰ হাতত ১-২ গ’লত পৰাস্ত হয় পি এছ জি। প্ৰায় এটা দশকৰ অন্তত ঘৰুৱা খেলপথাৰত পি এছ জিক পৰাস্ত কৰে মাৰ্ছেইলে। আনহাতে, মৰক্কোৰ ৰাবাটত আল আহলিৰ বিৰুদ্ধে সহজে ৪-১ গ’লত জয়লাভ কৰি ক্লাব বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰে ৰিয়েল মাদ্রিদে।
মাৰ্ছেইলে শেষবাৰৰ বাবে ঘৰুৱা ক্ষেত্ৰত পি এছ জিক ২০১১ চনত পৰাস্ত কৰিছিল। বুধবাৰৰ পৰা ক্লাৱটোৱে আক্ৰমণাত্মক খেলিবলৈ আৰম্ভ কৰে। প্ৰথমাৰ্ধত এলেক্সিছ ছানচেজে মাৰ্চেইলক আগুৱাই লৈ যায়। ষ্টপেজ টাইমত চাৰ্জিঅ’ ৰামোছে সমতা স্থাপন কৰে। দ্বিতীয়াৰ্ধত ৰুছলান মালিন’ভস্কিয়ে বিজয়ী গ’ল দিয়ে। মেছিক প্ৰায় অসহায় যেন দেখা গৈছিল। নেইমাৰৰ দীৰ্ঘ দূৰত্বৰ শ্বট পোষ্টত খুন্দা মাৰে। আঘাতৰ বাবে কাইলিয়ান এমবাপেৰ অবিহনে ক্ষতিগ্ৰস্ত হৈছিল পি এছ জিয়ে।
আনহাতে, ইজিপ্তৰ ক্লাব আল আহলীক ৪-১ গ’লত পৰাস্ত কৰি ক্লাব বিশ্বকাপৰ ফাইনেললৈ যোৱাৰ পথ প্ৰশস্ত হ’ল ৰিয়েল মাদ্রিদৰ ৷ প্ৰথমাৰ্ধত ভিনিচিয়াছ আৰু ফেডেৰিকো ভালভাৰ্ডে ৰিয়েলক ২-০ গ’লত অগ্ৰগতি প্ৰদান কৰে। দ্বিতীয়াৰ্ধত ৰড্ৰিগো আৰু চাৰ্জিঅ’ আৰিবাছে গ’ল দিয়ে। শনিবাৰে ফাইনেলত ছৌদি আৰৱৰ আল হিলালৰ বিৰুদ্ধে খেলিব ৰিয়েলে। মঙলবাৰে আনখন ছেমি ফাইনেলত ব্ৰাজিলৰ ফ্লেমেংগোক ৩-২ গ’লত পৰাস্ত কৰে আল হিলালে।
ক্লাব বিশ্বকাপত মুঠ ৭ বাৰ জয়লাভ কৰিছে ৰিয়েলে। এই অভিলেখ কাৰো নাই। এই প্ৰতিযোগিতাত শেষবাৰৰ বাবে জয়লাভ কৰিছিল ২০১৮ চনত। অৱশ্যে ক্লাব বিশ্বকাপত কৰিম বেনজেমাকে ধৰি প্ৰথম শাৰীৰ ছয়জন ফুটবলাৰ আঘাতৰ বাবে খেলিব পৰা নাই।