ছৌদি আৰবে নিজৰ ৰক্ষণশীল ভাবমূৰ্তি নোহোৱা কৰি বিশ্বৰ আগত নিজকে প্ৰগতিশীল দেশ হিচাপে উপস্থাপন কৰাৰ আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁলোকে এইবাৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ এগৰাকী মহিলা মহাকাশচাৰী প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এয়া দেশখনৰ ইতিহাসতে প্ৰথম ৷
শেহতীয়াকৈ ছৌদি ৰাষ্ট্ৰীয় সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি চলিত বৰ্ষৰ পৰৱৰ্তী মহাকাশ অভিযানৰ বাবে ৰায়না বাৰ্ণৱী নামৰ এগৰাকী মহিলা মহাকাশচাৰীক নিৰ্বাচিত কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ দহদিনীয়া অভিযানত তেওঁৰ সংগী হ’ব আলী আল-কাৰ্ণী নামৰ আন এজন ছৌদি মহাকাশচাৰী।
চলিত বৰ্ষৰ দ্বিতীয়াৰ্ধৰ পৰা আৰম্ভ হ’ব এই ছৌদি মহাকাশ অভিযান। ইয়াৰ আয়োজন কৰিছে আন্তঃৰাষ্ট্ৰীয় সংস্থা এক্সিয়ম স্পেচে ৷ তেওঁলোকক সহায় কৰিব ছৌদি আৰৱৰ প্ৰতিৰক্ষা মন্ত্ৰালয়, ক্ৰীড়া মন্ত্ৰালয়, ৰাষ্ট্ৰীয় বিমান পৰিবহণ কৰ্তৃপক্ষৰ লগতে প্ৰশাসনৰ আন কেইবাটাও বিভাগে।
মহাকাশচাৰীসকলক মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ’ব মহাকাশযান ‘স্পেচ এক্স ড্ৰেগন’ৰ জৰিয়তে। ছৌদি আৰৱৰ ৰায়ানা আৰু আলীৰ উপৰিও নাছাৰ প্ৰাক্তন মহাকাশচাৰী পেগী হুইটছনও তাত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ লগে লগে তেওঁ চতুৰ্থবাৰৰ বাবে মহাকাশ কেন্দ্ৰলৈ যাবলৈ ওলাইছে। টেনেচিৰ বাসিন্দা জন শ্বফনাৰে এই মহাকাশযানখনৰ পাইলট হিচাপে কাম কৰিব। খবৰ অনুসৰি নাছাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা ‘স্পেচএক্স ফেলকন ৯’ ৰকেটত তেওঁলোকৰ যাত্ৰা আৰম্ভ হ’ব।