এখন নতুন ছবিৰ শ্বুটিঙৰ সময়তে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে মেগাষ্টাৰ অমিতাভ বচ্চন। অভিনেতাগৰাকীয়ে নিজৰ ব্লগত প্ৰকাশ কৰা অনুসৰি হায়দৰাবাদত ‘প্ৰজেক্ট কে’ৰ শ্বুটিঙৰ সময়ত তেওঁ আঘাতপ্ৰাপ্ত হৈছে ৷
বুকুৰ হাড়ঁৰ লগতে হাতৰ পেশীত দুখ পাইছে অভিনেতা গৰাকীয়ে ৷ অভিনেতাজনক ততাতৈয়াকৈ হায়দৰাবাদৰ এ আই জি হাস্পতাললৈ প্ৰেৰণ কৰা হয়। তাতে ডাক্তৰে তেওঁৰ চিটি স্কেন কৰে । বুকুত বেণ্ডেজ লগোৱা হৈছে। ফলত অমিতাভ ছবিখনৰ শ্বুটিং বন্ধ কৰি তেওঁ মুম্বাইলৈ উভতি আহে। অভিনেতাগৰাকীয়ে নিজৰ ব্লগত লিখিছে, ‘বুকুত বেণ্ডেজ লগোৱা হৈছে। ডাক্তৰে জিৰণি ল’বলৈ ক’লে। খোজ কাঢ়িলে বুকুৰ তীব্ৰ বিষ হয়।
আঘাতৰ বাবে অনাগত কেইসপ্তাহমান ঘৰতে থাকিব অমিতাভ। তেওঁ লিখিছে, “বিষৰ ঔষধ সেৱন কৰি ঘৰতে শুই আছোঁ। কিন্তু প্ৰয়োজন অনুসৰি খোজ কাঢ়িব পাৰো।”
১৯৮২ চনত ‘কুলি’ ছবিৰ চেটত একচন দৃশ্যৰ শ্বুটিং কৰি থকা অৱস্থাত তেওঁৰ পেটৰ তলৰ অংশত আঘাত পাইছিল। পেটৰ তলৰ অংশত ৰক্তক্ষৰণ হোৱাত সেইবাৰ অভিনেতাজনে কেইবা সপ্তাহো হস্পিতালতে থাকিব লগা হৈছিল। সোমবাৰে অমিতাভৰ অসুস্থতাৰ খবৰ বিয়পি পৰাৰ লগে লগে অনুৰাগীসকলে ছ’চিয়েল মিডিয়াত তেওঁৰ আশু আৰোগ্য কামনা কৰে।