কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ধর্ণাত বহিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনার্জী ৷ আৰ্থিক বঞ্চনা আৰু কেন্দ্ৰই গণতন্ত্ৰ স্তব্ধ কৰাৰ প্ৰতিবাদ আজিৰে পৰা দুদিনীয়াকৈ এই ধর্ণা কার্যসূচী আৰম্ভ কৰিছে ৷ তেওঁক সংগ দিয়া মন্ত্ৰী অৰূপ বিশ্বাসকে ধৰি কেইবাজনো মন্ত্ৰী –বিধায়ক আৰু দলীয় নেতাই ৷ দুই ৰাজ্যিক মন্ত্ৰী ফিৰহাদ হাকিম আৰু অৰূপ বিশ্বাস, ইন্দ্ৰনীল সেনৰ লগতে আন নেতাসকলেও মঞ্চত আসন গ্ৰহন কৰি ধর্ণাত সহযোগ কৰিছে ৷
ঠিক ১২ বজাত মমতাই ৰেড ৰোড ধৰ্ণা মঞ্চত উপস্থিত হয় ৷ এয়াই প্ৰথম নহয়, ইয়াৰ পূর্বেও মমতা বেনার্জীয়ে কেন্দ্ৰৰ বঞ্চনাৰ বিৰুদ্ধে সৰৱ ভূমিকা পালন কৰি আহিছে ৷ আনকি প্ৰধানমন্ত্ৰী মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক আক্ৰমণৰ লক্ষ্য কৰি আহিছে মমতা বেনার্জীয়ে ৷