সৌৰভ গাংগুলীৰ নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে। ইয়াৰ পূৰ্বে তেওঁ ‘ৱাই’ কেটেগৰী নিৰাপত্তা লাভ কৰি আছিল। এতিয়াৰ পৰা তেওঁক ‘জেড’ কেটেগৰী নিৰাপত্তা দিয়া হ’ব। ভাৰতীয় প্ৰাক্তন অধিনায়ক আৰু ব’ৰ্ডৰ প্ৰাক্তন অধ্যক্ষৰ নিৰাপত্তা বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে। সৌৰভৰ ঘনিষ্ঠ সূত্ৰৰ মতে ব্যক্তিগত কাৰণত নিৰাপত্তা বৃদ্ধি কৰা হৈছে।
২০০৮ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল সৌৰভে। ভাৰতৰ অন্যতম সফল অধিনায়ক হিচাপে তেওঁৰ সুনাম আছে ৷ তেওঁ এতিয়াও ক্ৰিকেটৰ সৈতে জড়িত। সৌৰভ আই পি এলত দিল্লী কেপিটেলছৰ সঞ্চালক। যোৱা বছৰ শেষ হৈছিল ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সভাপতি হিচাপে তেওঁৰ কাৰ্যকাল। ইয়াৰ পিছত সম্পাদক জয় শ্বাহক ৰখা হ’ল যদিও সৌৰভক দায়িত্বত ৰখা নহ’ল। এই সন্দৰ্ভত বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয়। সৌৰভক ৰাজ্য চৰকাৰৰ পৰা ‘জেড’ শিতানৰ নিৰাপত্তা দিয়া হ’ব।
‘জেড’ শিতানৰ নিৰাপত্তাৰ বাবে সৌৰভৰ লগত সকলো সময়তে দুজন বিশেষ নিৰাপত্তা বিষয়া থাকিব। ২১ মে’ৰ পৰা এই অতিৰিক্ত নিৰাপত্তা লাভ কৰিব সৌৰভে। আই পি এলত দিল্লী কেপিটেলছৰ দলৰ সৈতে আছে সৌৰভ। তেওঁৰ ঘৰৰ নিৰাপত্তাও বৃদ্ধি কৰা হৈছে। কোৱা হয় যে সৌৰভে নিজেই ব্যক্তিগত কাৰণত নিৰাপত্তা বৃদ্ধি কৰিব বিচাৰিছিল। দিল্লী কেপিটেলছ এইবাৰ আই পি এলৰ পৰা বাহিৰ হ’লেও পঞ্জাৱ কিংছ আৰু চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে এতিয়াও খেল বাকী আছে। ইয়াৰ পিছত অতি সোনকালে কলকাতালৈ উভতি আহিব সৌৰভ।