তামোল খাই ৰঙা হৈ পৰা দাঁতকেইটা উলিয়াই হাঁহি হাহিঁ সোমাই অহা ‘বেণু’ক দেখিলে ৰাতিপুৱাই মনটো ভাল লাগি আহে। তাইৰ হাতৰ পৰশত ঘৰটোৱে প্ৰাণ পাই উঠে বুলিয়ে নহয়, বৰং অনৰ্গল কথা কৈ কৈ কাম কৰি থকা বেণুক দেখিলে নাৰী সৱলীকৰণৰ ধাৰণা সলনি হৈ পৰে। ঘৰটো পৰিষ্কাৰ কৰাৰ লগতে মোৰ মন মগজুও পৰিস্কাৰ হৈ পৰে!
৪০-৪২ বছৰ বয়সতে তিনিটাকৈ নাতিৰ মুখ দেখা বেণুৰ জীৱনৰ অভিজ্ঞতা বহুত। অভিজ্ঞতাই বেণুক শিকাইছে যে নিজে উৰ্পাজন কৰাৰ সমান সুখ ক’তো নাই। আত্মসন্মান আৰু স্বকীয়তা বৰ্তাই ৰখাৰ লগতে দেশৰ জনমূৰি আয় বৃদ্ধি কৰিবলৈ মহিলাই উপাৰ্জন কৰাতো একান্ত প্ৰয়োজন।
কেৱল নিজে উপাৰ্জন কৰা মানেই স্বাধীন বা সুখী নেকি? বেণুৰ দৰে সমাজৰ শেষৰটো শ্ৰেণী বুলি গণ্য কৰা মানুহগৰাকীয়ে ইয়াৰ সঠিক উত্তৰ তাইৰ চিন্তা আৰু কাম- কাজে দিব পাৰে। চৰকাৰৰ সকলোবোৰ আঁচনিৰে যুক্ত বেণুৰ পৰিয়াল। গাৱঁত দুকঠলীয়া পকী ঘৰ এটা সুন্দৰকৈ বনাই আছে। উজ্বল হাঁহিটোৰে তাই কয় “মোৰ কিচেনত চেলেপ লগাইছো বাইদেউ”। মানকাছাৰৰ ভাষাৰে কোৱা কথাবোৰৰ বেছিভাগেই বুজি নাপাওঁ যদিও তাইৰ সৰু সৰু সুখবোৰ বুজি পাওঁ।
তাই এইটো কাৰণতেই সুখী যে নিজে বিচৰামতেই কামবোৰ কৰিব পাৰে। নিজৰ টকাৰে ঘৰত টাইলছ্ লগাইছে, বোৱাৰীয়েকক সন্তান জন্মৰ সময়ত খৰছ দিছে, জীয়েকৰ ছোৱালীক ৰূপৰ পায়েল দিছে, ঘৰ-ভাৰাৰ পৰা নিজৰ লগতে ৰাখিলোৱা ভতিজাকৰ নেইল পলিছ লৈকে সমস্ত খৰছ তাইয়ে বহন কৰিছে। তাই জানে যেতিয়ালৈকে তাই পৰিয়ালৰ প্ৰয়োজনবোৰ পূৰাই থাকিব, তেতিয়ালৈকে তাইৰ গুৰুত্ব থাকিব। তথাপি তাই সুখী তাইৰ সক্ষমতাক লৈ। নিজস্বতাক লৈ। তাই সুখী তাইৰ বহল অন্তৰখনক লৈ। স্বৰ্গগামী সতিনীৰ জীয়েকক নিজৰ জীয়েকৰ দৰেই মৰমেৰে ওপচাই ৰখা তাই বহল অন্তৰখনৰ বাবেই আনতকৈ তাই পৃথক। সঁচা অৰ্থত সৱল মহিলা
কিছুমান নিমিলা প্ৰশ্নক লৈ আজিৰ সমাজখন বিভ্ৰান্ত! শিক্ষা নোহোৱাকৈও মানুহে ভুল আৰু শুদ্ধৰ বিচাৰ কৰিব পাৰে! অথচ এনেকুৱাও নহয় যে শিক্ষা কেৱল এটা চাকৰিৰ বাবে! শিক্ষা নোহোৱাকৈও সন্মানসহকাৰে উপাৰ্জন কৰিব পাৰে। তাৰ বাবে প্ৰয়োজন সঠিক উদ্দশ্য আৰু নিজস্বতা। কেতিয়াবা শিক্ষা আৰু সন্মানীয় সংস্থাপনেও চিন্তাৰ দৈন্যতাৰ বাবে সামাজিক মান্যতা নাপাব পাৰে!
আনুষ্ঠানিক শিক্ষা আৰু সামাজিক শিক্ষাৰ মাজত থকা ভাৰসাম্যহীনতাৰ বাবে আমি হেৰুৱাই পেলাইছো ভুল-শুদ্ধৰ সঠিক উত্তৰ। সমাজৰ প্ৰথম শ্ৰেণী বুলি প্ৰতিষ্ঠিত মানুহবোৰেই ভুল কৰে আৰু সেই ভুলকেই অনুকৰণ কৰি গৈছে প্ৰজন্মৰ পাছত প্ৰজন্মই। ইয়াৰ শেষ ক’ত?
মই বেণুৰ পৰাই বহু কথা শিকিব পাৰোঁ। শিকিব পৰাকৈ তাইৰ চিন্তাবোৰ আহল-বহল।