গণৰাজ্য দিৱস উদযাপনৰ অংশ হিচাপে মহাৰাষ্ট্ৰৰ কলহাপুৰ চহৰত বলীউডৰ জনপ্ৰিয় অভিনতা চনু সুদৰ ৮৭ হাজাৰ বৰ্গফুটৰ এক বিস্ময়কৰ প্ৰতিকৃতি নিৰ্মাণ কৰা হৈছে বুলি জানিব পাৰি সুখী হৈ পৰিল বলীউডৰ অভিনেতা তথা মানৱতাবাদী ব্যক্তি গৰাকী ৷
অৱশ্যে ৭ টনৰো অধিক আবিৰ ব্যৱহাৰ কৰি ৰাজহুৱা উদ্যানত এই বিস্ময়কৰ প্ৰতিকৃতি নিৰ্মাণ কৰিবলৈ কেইবাদিনো সময় লাগিছিল অভিনেতা গৰাকীৰ অনুৰাগী তথা শিল্পী বিপুল শিৰিপদ মিৰাজকাৰক ।
শিল্পীগৰাকীৰ শিল্পকৰ্মত আপ্লুত হৈ অভিনেতাগৰাকী শব্দহীন হৈ পৰিছে ৷ তেওঁৰ প্ৰতি মানুহে দেখুওৱা প্ৰেমৰ বাবে অভিভূত হৈছে তেওঁ ৷ লগতে ৮৭,০০০ বৰ্গফুটৰ সৰ্ববৃহৎ আল্পনা সৃষ্টি কৰি বিশ্ব অভিলেখ গঢ়িবলৈ খোজ প্ৰসাৰিত কৰা সোলাপুৰৰ বিপুলক ধন্যবাদ জনাই তেওঁ কয় যে শিল্পী গৰাকীৰ এই শিল্প কৰ্মক লৈ তেওঁ গৰ্বিত ৷
উল্লেখনীয় যে অভিনেতা গৰাকীৰ প্ৰতিকৃতিৰ এই আল্পনাই এতিয়া প্ৰতিদিনে হাজাৰ হাজাৰ দৰ্শনাৰ্থীক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ক’ভিড লকডাউনৰ সময়ত প্ৰব্ৰজনকাৰীক নিজৰ ঘৰলৈ যোৱাত সহায় কৰাৰ পৰাই আৰম্ভ হৈছিল ছুড চেৰিটি ফাউণ্ডেশ্যনৰ সমাজহিতৈশী কাম আৰু এতিয়া জনস্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰখনতো নামি পৰিছে জনপ্ৰিয় অভিনেতা গৰাকী।
অৱশ্যে সমান্তৰালভাৱে তেওঁ এৰি দিয়া নাই অভিনয়ো ৷ পৰৱৰ্তী সময়ত তেওঁক দেখা যাব বাস্তৱ কাহিনীৰ আধাৰত তৈয়াৰী হাই অক্টেন একচন ছিকুৱেন্সৰ ছবি ‘ফাতেহ’ত।একচন-থ্ৰিলাৰখনৰ নেতৃত্ব দিছে অভিনন্দন গুপ্তাই, যিয়ে ইয়াৰ পূৰ্বে ‘বাজীৰাও মস্তানী’ আৰু ‘শ্বামছেৰা’ৰ দৰে ছবিত সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল।‘ফাতেহ’ৰ পিছত চনু সুডে আৰম্ভ কৰিব আন এখন চিনেমা ‘কিছান’ৰ কাম ।