নটা চৰিত্ৰ। নগৰীয়া জীৱনৰ মাজত তেওঁলোকৰ প্ৰত্যেকৰে লগত এটা সম্পর্ক গঢ় লৈ উঠে। এনে প্ৰেক্ষাপটত ২০০৭ চনত মুক্তি লাভ কৰে ‘লাইফ ইন এ মেট্ৰ’ ছবিখন। পৰিচালক অনুৰাগ বসু। আকৌ এবাৰ তেওঁ চহৰীয়া জীৱনৰ প্ৰেক্ষাপটত ছবি নির্মাণ কৰিবলৈ সাজু হৈছে। ছবিখনৰ নাম ‘মেট্ৰ’…ইন ডিনো’। এই ছবিখনত ছাৰা আলী খান আৰু আদিত্য ৰায় কাপুৰে অভিনয় কৰিছে।
অনুৰাগৰ নিজা প্ৰডাকচন কোম্পানীৰ সৈতে মিলি ভূষণ কুমাৰে এই ছবিখন নিৰ্মাণ কৰিছে। ছাৰা-আদিত্যৰ উপৰিও ছবিখনত অভিনয় কৰিছে— অনুপম খেৰ, নীনা গুপ্তা, পংকজ ত্ৰিপাঠী, কংকনা সেন শৰ্মা, আলী ফজল আৰু ফাতিমা চানা শ্বেখৰ দৰে তাৰকাই । ছবিখনৰ সংগীতৰ দায়িত্বত আছে প্ৰীতম। বুধবাৰে ছবিখনৰ কথা ঘোষণা কৰে নিৰ্মাতাসকলে।
অনুৰাগৰ অন্তিমখন ছবি ‘লুডো’ মুক্তি লাভ কৰিছিল অ’টিটিত। নতুন ছবিখনৰ সন্দৰ্ভত পৰিচালকগৰাকীয়ে কয়, “বহুদিন ধৰি এনে কাহিনী নিৰ্মাণ কৰি আহিছো। ইয়াৰ বাহিৰেও আজিৰ সমাজত এই কাহিনীটো অতি প্ৰাসংগিক। “ উদ্যোগটোৰ এটা অংশৰ মতে নতুন প্ৰেক্ষাপটত নতুন কাহিনীৰে এই ছবিখন নিৰ্মাণ কৰা হ’ব। সাদৃশ্য কেৱল ইয়াৰ গঠনতহে আছে।
উল্লেখযোগ্য যে ‘লাইফ ইন এ মেট্ৰ’ ছবিখনত শিল্পা শ্বেট্টী, কে কে মেনন, শ্বাইনী আহুজা, কংগনা ৰানাৱত, ইৰফান খান আদিয়ে গুৰুত্বপূৰ্ণ ভূমিকাত অভিনয় কৰিছিল। পূৰ্বৰ ছবিখনৰ দৰেই এইবাৰো অভিনয় কৰিছে কংকনা সেনশৰ্মা।