ফেব্ৰুৱাৰী মাহ প্ৰেমৰ মাহ। চলি আছে প্ৰেমৰ সপ্তাহ। গোলাপ ফুল দিয়াৰ পৰা আৰম্ভ কৰি আলিংগণ দিৱসলৈকে — প্ৰেমৰ উদযাপন পূৰ্ণগতিত চলি আছে। এই খণ্ডটোৰ এটা মধুৰ দিন হ’ল ‘চকলেট দিৱস’। কিন্তু যিসকলে চকলেট খাই ভাল পায় তেওঁলোকৰ বাবে চকলেট খোৱাৰ কোনো দিন নাই ৷ বলীউডৰ তাৰকাও এই তালিকাত আছে। বলীউডৰ অভিনেতা মানে কঠোৰ খাদ্যাভ্যাস আৰু নিয়মীয়া ব্যায়াম। মিঠাজাতীয় সামগ্ৰীৰে তেওঁলোকৰ চিৰন্তন শত্ৰুতা। বহুতে নাজানে যে তেওঁলোকে কঠোৰ ডায়েটৰ মাজতো চকলেটত খায়। কঠোৰ খাদ্যভ্যাসৰ মাজতো চকলেটৰ লোভ সামৰিব নোৱাৰা বলি্উডৰ তাৰকাসকল কোন কোন জানেনে ?
দীপিকা পাডুকন
দীপিকাৰ ফিটনেছ পুৰুষ-মহিলা বহুতৰে বাবে প্ৰেৰণা। কিন্তু চকলেটৰ প্ৰতি দীপিকাৰ প্ৰেম অন্তহীন। এক সাক্ষাৎকাৰত তেওঁ কয় যে চকলেট সদায় তেওঁৰ বেগত থাকে। মন বেয়া লাগিলেই চকলেট খোৱাটো তেওঁৰ অভ্যাস ৷
ৰণবীৰ সিং
পত্নী দীপিকাৰ দৰে ৰণবীৰেও চকলেট খাবলৈ ভাল পায়। নিয়মীয়া খাদ্য আৰু ব্যায়ামৰ দৰে চকলেট খোৱাটোও তেওঁৰ দৈনন্দিন জীৱনৰ অংশ। বহু দিন আহিছে যেতিয়া তেওঁ কেৱল চকলেটহে খাইছিল। চকলেট মিল্কশ্বেক তেওঁৰ অন্যতম প্ৰিয় খাদ্য।
কৰীনা কাপুৰ খান
বলিউডৰ এগৰাকী ফিটনেছ সচেতন নায়িকা হৈছে কৰীণা। দুটা সন্তান জন্ম হোৱাৰ পিছত কিছুদিন পিছতে পুনৰ আগৰ ৰূপলৈ তেওঁ ঘূৰি আহিছে ৷ কঠোৰ খাদ্য নিয়ন্ত্ৰণৰ মাজতো তেওঁ মাজে মাজে চকলেট খায় ৷ এক সাক্ষাৎকাৰত তেওঁ কয় যে তেওঁ অকলেই এবাৰ ভগ্নী কৰিশ্মা কাপুৰে বনোৱা এটা সম্পূৰ্ণ চকলেট কেক খাইছিল।
শিল্পা শ্বেট্টী
শিল্পা শ্বেট্টীৰ ফিটনেছ বলিউডৰ অন্যতম চৰ্চা। ৪০ বছৰৰ পাছতো এনে আকর্ষণীয় ৰূপৰ আঁৰত আছে কঠোৰ খাদ্যাভ্যাস । কিন্তু এই সকলোবোৰৰ মাজতে শিল্পাই চকলেট খাই ভাল পায় । আইচক্ৰীমৰ পৰা আৰম্ভ কৰি চকলেট কুকিজলৈকে – সন্মুখত থাকিলে নোখোৱাকৈ থাকিব নোৱাৰে শিল্পা ৷
সোণম কাপুৰ
সোণম কাপুৰে স্বীকাৰ কৰিছে যে তেওঁ মিঠাই খাই ভাল পায়। কিন্তু চকলেট তেওঁৰ অন্যতম প্ৰিয় খাদ্য। শ্বুটিঙৰ সময়ত তেওঁ প্ৰায়ে চকলেটে খাই ৷কেতিয়াবা নিজ হাতেৰে চকলেট কুকিজ বনায় বুলিও তেওঁ প্ৰকাশ কৰিছে ।
৷