অতি শীঘ্ৰেই দ্বিতীয়বাৰৰ বাবে বিয়াত বহিব জনপ্ৰিয় গায়িকা কণিকা কাপুৰ ৷ ইতিমধ্যে সম্পন্ন হোৱা হালধি আৰু মেহেন্দি অনুষ্ঠানৰ সামাজিক মাধ্যমত প্ৰকাশ পোৱা ফটোবোৰত দম্পতীহালে নৃত্য কৰা, কিছুমান ধেমেলীয়া খেল খেলা আৰু তেওঁলোকৰ মেহেন্দি অনুষ্ঠানৰ প্ৰতিটো মুহূৰ্তত জীয়াই ৰাখিবলৈ চেষ্টা কৰা দেখা গৈছে।
এগৰাকী প্ৰভাৱশালী গায়িকা কণিকা কাপুৰ বিবাহ পাশত আৱদ্ধ হ’বলৈ সাজু হৈছে লণ্ডনৰ এজন ব্যৱসায়ী গৌতমৰ সৈতে আৰু ইতিমধ্যেই সপ্তাহ যোৰা কাৰ্যসূচীৰে লণ্ডনত তেওঁলোকৰ বিবাহ অনুষ্ঠানৰ উদযাপন আৰম্ভ হৈছে।
হালধি আৰু মেহেন্দি অনুষ্ঠান সম্পন্ন হোৱাৰ পিছতেই , দম্পতীহাল এতিয়া বিশেষ দিনটোৰ কাষ চাপিছে। গৌতমৰ সৈতে বিবাহ পাশত আবদ্ধ হ’বলৈ লোৱা ‘বেবী ডল’ খ্যাত গায়িকাগৰাকীৰ মেহেন্দি অনুষ্ঠানৰ কেইবাখনো ফটো ইতিমধ্যে সামাজিক মাধ্যম যোগে দেখিবলৈ পাইছে তেওঁত অনুৰাগী সকলে ৷
মেহেন্দিৰ বাবে, কণিকাই এক আকৰ্ষণীয় সেউজীয়া পোছাক আৰু ফুলৰ গহনা পিন্ধিছিল। কোৱাৰ প্ৰয়োজন নাই যে, ষ্টাইলিছ গায়িকাগৰাকীক অত্যন্ত ধুনীয়া লাগিছিল। আমি ক’ব পাৰোঁ যে দম্পতীহাল ইজনে সিজনৰ দ্বাৰা সম্পূৰ্ণৰূপে প্ৰভাৱিত হৈছিল। গৌতমে আঁঠুকাঢ়ি তেওঁৰ ভাবী পত্নীক গোলাপৰ থোপা এটা উপহাৰ দিছিল।
সামাজিক মাধ্যমত ফটোবোৰ শ্বেয়াৰ কৰি কণিকাই শিৰোনাম দিছিল, “জি (হৃদযন্ত্ৰৰ ইমোজি) মই তোমাক বহুত ভালপাওঁ!”
এই ধুনীয়া ছবিবোৰৰ উপৰিও, কণিকা আৰু গৌতমে ‘চিতিয়ান কলিয়ান’ত নৃত্য কৰাৰ এটা ভিডিঅ’ ওলাইছিল। এয়া কণিকাৰ দ্বিতীয় বিবাহ। গায়িকাগৰাকীয়ে আগতে এনআৰআই ব্যৱসায়ী ৰাজ চান্দোকৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল যি লণ্ডনত বাস কৰিছিল।