আল্লু অৰ্জুনৰ ‘পুষ্পা: দ্য ৰাইজ’ৰ সফলতাত ‘উ অন্থাভা’ শীর্ষক আইটেম গানটোৰ মুখ্য ভূমিকা পালন কৰিছিল। কেৱল গীতৰ কথা বা সুৰেই নহয়, দক্ষিণৰ নায়িকা সামন্ত প্ৰভুৰ আৱেদনময়ী নৃত্যই কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে সকলোকে উদ্বেলিত কৰি তুলিছিল ৷ কেৰিয়াৰৰ আৰম্ভণিতে তেওঁক কেতিয়াও আইটেম গানত নৃত্য কৰা দেখা পোৱা নাছিল। এই গীতটোৰ জৰিয়তেহে সামান্থাক নতুন ৰূপত দেখা গৈছিল ৷ পুষ্পা ছবিত আইটেম গানত নৃত্য কৰাৰ ক্ষেত্ৰত অভিনেত্ৰীগৰাকীৰ পৰিয়ালৰ তীব্ৰ আপত্তি আছিল। ইয়াৰ কাৰণ বর্ণনা কৰিছে সামন্থাই ৷
অভিনেত্ৰীগৰাকীৰ ব্যক্তিগত জীৱন অস্থিৰ হৈ পৰিছিল সেই সময়ত যেতিয়া তেওঁক এই গীতটোৰ প্ৰস্তাৱ দিয়া হৈছিল। নগা চৈতন্যৰ সৈতে বিচ্ছেদ ঘটিছিল অভিনেত্ৰী গৰাকীৰ । তাৰ কিছুদিনৰ ভিতৰতে সামন্ত আৰু নগাৰ বিবাহ বিচ্ছেদে শিৰোনাম দখল কৰিছিল। সেই সময়ত সামান্থাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীয়ে এনে আৱেদনময়ী গানত নৃত্য নকৰিবলৈ পৰামর্শ দিছে ৷ কিন্তু অৱশেষত সামান্থা মান্তি হ’ল।
অভিনেত্ৰীগৰাকীয়ে কিয় , “মই বিবাহ বিচ্ছেদৰ মাজত আছিলো। মোৰ পৰিয়াল, বন্ধু-বান্ধৱী, সকলো শুভাকাংক্ষীয়ে কৈছিল বিবাহ বিচ্ছেদৰ পিছত এনে নৃত্য ! এই প্ৰস্তাৱ নাকচ কৰক। এই সকলোবোৰ শুনি মই সিদ্ধান্ত ললো মই এই নৃত্যটো কৰিম।”
সেই গীতটোৰ বাবে সামান্থাই যথেষ্ট মাননি লৈছিল ৷ প্ৰথম আপত্তি আছিল কোৰিঅ’গ্ৰাফীক লৈ। অৱশেষত ছবিখনৰ নায়ক আল্লু অৰ্জুনে অভিনেত্ৰীগৰাকীক পতিয়ন নিয়াইছিল। অৱশ্যে ‘পুষ্পা দ্য ৰাইজ’ৰ পিছত সামান্থাৰ কয় যে তেওঁৰ কেৰিয়াৰৰ সন্ধিক্ষণত এতিয়াৰ বাবে এনে আইটেম নম্বৰৰ প্ৰস্তাৱ গ্ৰহণ নকৰে ৷